NORTHEAST NOW (Assamese)
অসম

টীয়কত জব্দকৃত কয়লা ভৰ্তি ট্ৰাকত জুই!

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক April 3, 2021 7:26 pm
a coal

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ সন্মুখত জব্দ কৰি ৰখা অবৈধ কয়লা ভৰ্তি ট্ৰাকৰ পৰা ওলোৱা ধোঁৱাই আজি বিয়লি টীয়ক নগৰৰ আৱাসিক,ব্যৱসায়িক  অঞ্চলত থকা লোকসকলক ভীতিগ্ৰস্ত কৰি তোলে ।

পৰিস্থিতিৰ ভয়াবহতা দেখি প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক অৱগত কৰাত টীয়কৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোকে আহি জুই নিয়ন্ত্ৰণ কৰে ।

উল্লেখযোগ্য যে টীয়ক আৰক্ষীয়ে নিয়মীয়া তালাচীত আজিৰ পৰা কিছু দিন পূৰ্বে অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰি থানাৰ সন্মুখতে ৰাখি থৈছিল।

আজি  উক্ত ট্ৰাকখনত জুই লগা স্থানীয় ব্যৱসায়ীয়ে প্ৰত্যক্ষ কৰি আৰক্ষীক জনায় আৰু আৰক্ষীয়েও ততাতৈয়াকৈ অগ্নি নিৰ্ব্বাপক বাহিনীক খবৰ দিয়ে।

ঘটনাস্থলীত খবৰ পোৱাৰ লগে লগে অগ্নি নিৰ্ব্বাপক বাহিনীৰ এটি দল উপস্থিত হৈ উক্ত জুই নুমুৱাই অঞ্চলটোক বৃহৎ ক্ষতি সাধনৰ পৰা ৰক্ষা কৰে।