NORTHEAST NOW (Assamese)
অসম

পঞ্চভূতত বিলীন হ’ল বীৰ শ্বহীদ বাবলু ৰাভা; ত্ৰিৰংগা সাৱটি শ্মশানত বাকৰুদ্ধ হৈ পৰিল শ্বহীদ পত্নী

Posted by: নীলমনি শর্মা Updated by: নীলমনি শর্মা April 5, 2021 1:23 pm
IMG_20210405_074458

এক শোকাকুল পৰিবেশ। ৰাতিপুৱাই কান্দোনৰ ৰোল উঠিল গোৱালপাৰাৰ দূধনৈৰ দামৰাত। শনিবাৰে ছত্তিশগড়ৰ সুকুমা আৰু বিজাপুৰ জিলাৰ দক্ষিণ বাস্তাৰ  অঞ্চলত মাওবাদীৰ আক্ৰমণত আন ২৪জন CRPF জোৱানৰ লগতে মৃত্যুক আকোৱালি লৈছিল দূধনৈৰ দামৰাৰ বাবলু ৰাভাই।

আজি ৰাতিপুৱাই শ্বহীদ বাবলু ৰাভাৰ নশ্বৰ দেহ ঘৰলৈ অনাৰ পিছতে এক শোকাকুল পৰিবেশৰ সৃষ্টিৰ হয় ৷

উল্লেখযোগ্য যে ২০০৯ চনত CRPF যোগদান কৰিছিল বাবলু ৰাভাই। অতি অমায়িক স্বাভাৱৰ বাবলু ৰাভা সকলোৰে মাজত জনপ্ৰিয় আছিল।

বাবলু ৰাভাৰ মৃত্যুৰ বতৰাই সকলোকে ব্যথিত কৰি তোলে ৷ বীৰ শ্বহীদ গৰাকীক নিজ বাসগৃহত শ্ৰাদ্ধঞ্জলি জনোৱাৰ পিছত এখন পুস্প সজ্জিত বাহনেৰে আৰম্ভ কৰে অন্তিম যাত্ৰা ৷

অসম আৰক্ষী, চি আাৰ পি এফ, সেনা বাহিনী লগত কেইবা শতাধিক গুণমুগ্ধই সংগ দিয়ে অন্তিম যাত্ৰত৷ দামৰা ৰাজহুৱা শ্মশানত। সম্পূৰ্ণ সামৰিক সন্মানৰে সৎকাৰ কৰা হয় বীৰ শ্বহীদ বাবলু ৰাভাৰ নশ্বৰ দেহ ৷

শ্মশানত গোৱালপাৰা জিলা প্ৰশাসন, গোৱালপাৰা জিলা আৰক্ষী অধীক্ষকৰ লগতে সামৰিক বাহিনী, অৰ্ধসামৰিক বাহিনীৰ শীৰ্ষ বিষয়া সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

শ্বহীদ বাবলু ৰাভাই পত্নী, মাক, দুই ভয়েক আৰু সাত বছৰীয়া কন্যা সন্তানক ইহ সংসাৰত এৰি  থৈ যায়।