NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী ষ্টেশ্যনত জব্দ অবৈধভাৱে সৰবৰাহ কৰা ৯খন সোণৰ বিস্কুট

Posted by: এন ই নাও নিউজ March 23, 2018 2:44 pm
picture-570x320

অসমৰ মাজেদি প্ৰতিদিনে লাখ লাখ টকাৰ চোৰাং সোণ বহিঃৰাজ্যলৈ সৰবৰাহ হৈ থকাৰ বাতৰি প্ৰায়েই পোৱা যায়। বিগত কেইমাহত গুৱাহাটী ৰে’ল ষ্টেশ্যনৰ পৰা বহু লক্ষ টকাৰ সোণ ৰে’ল আৰক্ষীৰ সহযোগত ৰাজহ চোৰাংচোৱা বিভাগে জব্দ কৰিবলৈ সক্ষম হৈছিল।

আজি পুনৰ অনুৰূপ ঘটনা ঘটিছে গুৱাহাটী ৰে’ল ষ্টেশ্যনত। জানিব পৰা মতে আৰক্ষীৰ নিয়মীয়া তালাচীত গুৱাহাটী ৰে’ল ষ্টেশ্যনত দুজন ৰে’লযাত্ৰীৰ পৰা ৯খন সোণৰ বিস্কুট(ওজন প্ৰায় ১ কিলোগ্ৰাম) জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা আৰক্ষীয়ে দুয়োজন সোণ সৰবৰাহকাৰীকে আটক কৰি সোধ পোচৰ বাবে লৈ যোৱা হয়। আৰক্ষীয়ে জনোৱা অনুসৰি সোণখিনি ৰেক্টাম পদ্ধতিৰে সৰবৰাহ কৰি আনিছিল।

আনহাতে আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধান চলাই গম পায় যে সৰবৰাহকাৰী দুজনে ডিমাপুৰৰ পৰা ৰে’লযোগে সোণখিনি দিল্লীলৈ লৈ যোৱা পৰিকল্পনা কৰিছিল। জব্দ হোৱা সোণখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে সদৰী কৰে।