NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতত নিৰ্মাণ কৰা বিশ্বৰ সৰ্বোচ্চ ধেনুভেৰীয়া ৰে’লৱে দলং সম্পূৰ্ণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 5, 2021 5:39 pm
2c9vgmqk_chenab-railway-bridge-arch_625x300_05_April_21

ভাৰতত নিৰ্মাণ কৰা বিশ্বৰ সৰ্বোচ্চ ধেনুভেৰীয়া দলঙখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে।

জন্মু আৰু কাশ্মীৰৰ চেনাব নদীৰ ওপৰৰ পাহাৰীয়া এলেকাত নিৰ্মাণ কৰা ‘চেনাব ৰেইল দলঙ’খন সোমবাৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি জনাইছে নৰ্ডান ৰে’লেৱ।

চেনাব নদীৰ ৩৫৯ মিটাৰ উচ্চতাত নিৰ্মিত ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ধেনুভেৰীয়া দলঙখন সম্পূৰ্ণ হোৱা পিছতে উত্তৰ নৰ্ডান ৰে’লৱেই ইয়াক সাফল্যৰ এক মাইলষ্ট’ন বুলি প্ৰকাশ কৰিছে।

কাশ্মীৰ উপত্যকাৰ উধমপুৰ-শ্ৰীনগৰ-বাৰমুলাক ৰে’লৱে পথেৰে সংযোগ কৰা বিশ্বৰ সৰ্বোচ্চ ৰে’লৱে দলঙখনৰ নিৰ্মাণ ব্যয় হৈছে ১,৪৮৬ কোটি।

পেৰিছৰ আইফেল টাৱাৰতকৈ ৩৫ মিটাৰ উচ্চতাৰ এই দলঙখন ২৮,৬৬০ মেট্ৰিক টন ষ্টীল, ১০ লাখ কিউবিক মিটাৰ মাটিৰ গড় আৰু ৬৬,০০০ কিউবিক মিটাৰ কনক্ৰিটেৰে নিৰ্মাণ কৰা হৈছে।

নৰ্ডাণ ৰে’লৱেই প্ৰকাশ কৰা মতে আঢ়ৈ বছৰত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে।