NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত বিশ্ব স্বাস্থ্য দিৱস উদযাপন : ৪৫ উৰ্দ্ধৰ লোকক বিনাদ্বিধাই কোভিড ভেকিচন ল’বলৈ আহ্বান

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন April 7, 2021 6:29 pm
World-Health-Day-1200

গোলাঘাট জিলাৰ টেনপুৰ নগৰ স্বাস্থ্য কেন্দ্ৰত আজি ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ প্ৰকল্প, গোলাঘাট আৰু জিলা স্বাস্থ্য সমিতিৰ যৌথ উদ্যোগত বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰা হয়।

এই উপলক্ষে আয়োজিত সভাত অংশ লৈ গোলাঘাট জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই বিনাদ্বিধাই সকলোকে কোৱিড-19ৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

তেওঁ কয় যে প্ৰতিষেধকক লৈ উৰা বাতৰিত ভোল যোৱাৰ পৰিৱৰ্তে সকলোৱে স্বেচ্ছাই ওলাই আহি স্বাস্থ্য বিভাগ আৰু প্ৰশাসনক সহায় কৰা উচিত। অহা ১২এপ্ৰিলৰ পূৰ্বে টেনপুৰ নগৰ স্বাস্থ্য কেন্দ্ৰ আৰু গোলাঘাট কোৱিড চিকিৎসালয়ত ৪৫ বছৰ বয়সৰ উৰ্ধৰ সকলো ব্যক্তিয়ে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাৰায়ণ কুৰীয়ে সুস্বাস্থ্যৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।

সভাত চিকিৎসক ডাঃ গকুল চান্দ খান্দেলৱালে মানসিক স্বাস্থ্য ৰক্ষা সন্দৰ্ভত বিতংভাৱে বৰ্ণনা কৰে।

চিকিৎসক ডাঃ পুলিন ফুকনে সভাপতিত্ব কৰা সভাত জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী আৰু সমাজকর্মী জুৰি দাস ৰাজখোৱা প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ প্ৰকল্প, গোলাঘাটৰ নডেল বিষয়া ডাঃ সুনিতা এক্কাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।

আজিৰ সভাত জিলা স্বাস্থ্য সমিতিৰো ভালেমান বিষয়ববীয়া আৰু চিকিৎসক উপস্থিত আছিল। সভাত অংশ লোৱা এনচিচিৰ কেডেটসকলে উপস্থিত স্বাস্থ্য খণ্ডৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে।