NORTHEAST NOW (Assamese)
অসম

জুবিন-পাপনৰ লগতে আৰু কোন কোন হেভিৱেইট শিল্পীয়ে বিহু মঞ্চত ল’ব লাখ লাখ টকাৰ মাননি?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 8, 2021 12:21 pm

ক’ৰ’ণাৰ ত্ৰাসৰ মাজতে কুলীৰ মিঠা মাত, ঢোল-পেঁপা গগনাই ৰজন-জনাই উঠিব চৌদিশ। ঢুলীয়াৰ ঢোলৰ চেৱত কঁকাল ঘূৰাই নাচিব নাচনীয়ে। আঁহতৰ তলৰ বিহু চোৱাৰ ভাগ্য আপোনাৰ খুব কম। অতীতৰ বিহুৰ মাদকতা যেন এতিয়া হেৰাই গৈছে। আঁহতৰ তলৰ বিহু আহি পালেহি মঞ্চ। মঞ্চ মানেই এগৰাকী দামী চিংগাৰ।

প্ৰিয় গায়ক বা গায়িকা গৰাকীৰ সুৰত নাচিবলৈ নিশ্চয় সকলোৰে মন যায়। নিৰ্বাচনৰ বতৰত যেনেকৈ প্ৰিয় নেতাৰ ভাষণ শুনিবলৈ ভিৰ বান্ধেহি! ঠিক তেনেকৈয়ে নিজৰ পচন্দৰ গায়কজনক ওচৰৰ পৰা চাবলৈ বা তেওঁৰ সুললিত কন্ঠৰে গীত শুনিবলৈ সকলোৱে আশাৰে বাট চাই থাকে। বিহু উদযাপন সমিতিসমূহৰৰ মাজতো লাগে এক প্ৰতিযোগিতা ‘কোনে কিমান দামী গায়কক আমন্ত্ৰণ জনাব পাৰে?’

আপুনি নিশ্চয় জানিবলৈ আগ্ৰহী! কোন শিল্পীয়ে প্ৰতিখন মঞ্চৰ বাবদ কিমানকৈ মাননি ল’ব? পূৰ্বৰ তুলনাত কিছু পৰিমাণে বৃদ্ধি পাইছে নেকি কন্ঠশিল্পীৰ মাননি!!

প্ৰথমেই আমি জনাব বিচাৰিছো জুবিন গাৰ্গৰ মাননিৰ পৰিমাণ। কিমান মাননি ল’ব জুবিন গাৰ্গে?

৫-৮ লাখ টকা মাননি হিচাপে ল’ব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে।

ঠিক সেইদৰে এইবাৰ অসমৰ বিহু মঞ্চত দেখিবলৈ পোৱা যাব অন্যতম জনপ্ৰিয় কন্ঠশিল্পী অংগৰাগ পাপন মহন্তক। মুম্বাইত কৰ্মৰত আছিল বাবেই পূৰ্বৰ বহুকেইটা বৰ্ষত বিহু মঞ্চত দেখিবলৈ পোৱা নগৈছিল পাপনক।

এইবাৰ বিহু মঞ্চত আলোড়ন তুলিবলৈ অনুৰাগীৰ মাজলৈ আহি আছে পাপন। পাপনৰ প্ৰতি মঞ্চৰ মাননী কিমান? হয়, পাপনে ‘৬-৮ লাখ টকা’ পৰ্যন্ত ল’ব বিহুৰ মাননি।

ঠিক সেইদৰে প্ৰতিখন মঞ্চত প্ৰিয়ংকা ভৰালীয়ে ২-৪ লাখ টকা, নীল আকাশে ‘৪.৫-৪.৮ লাখ টকা, বৰ্ণালী কলিতাই ২.৫-৩.৫ লাখ টকা, তৰালী শৰ্মাই ২-৪ লাখ টকা’ বাবু বৰুৱাই ২.৫-৩ লাখ টকা আৰু কৃষ্ণমণি নাথে ২-৩ লাখ টকা মাননি ল’ব।

আনহাতে নিৰ্মালী দাসে ২.৫-৩.৫ লাখ টকা, ভৃগু কাশ্যপ ২.৫-৪ লাখ টকা, ৰাকেশ ৰিয়ান ৩.৫-৪.৫ লাখ টকা, মন্টুমণি শইকীয়াই ২.৫-৩.২০ লাখ টকা, প্ৰবীন বৰাই ১.৫-২ লাখ টকা আৰু জিনা ৰাজকুমাৰীয়ে ১.২-১.৮ লাখ টকা।

পিছ পৰি ৰোৱা নাই বেহাৰবাৰী আউট পোষ্টৰ কে কে আৰু মোহন। এইবাৰ কে কে মোহনে প্ৰতিখন মঞ্চৰ বাবদ মাননি হিচাপে ল’ব ১-১.৫ লাখ টকা।

যোৱাবৰ্ষত ক’ৰ’ণাৰ সংহাৰী ৰূপৰ বাবেই বিহু অনুষ্ঠিত কৰিব পৰা নাছিল ৰাজ্যবাসীয়ে। থমকি ৰ’বলগীয়া হৈছিল কন্ঠশিল্পী আৰু সাংস্কৃতিক কৰ্মীসকল।

এইবাৰ ৰাজ্যত কিছু পৰিমাণে হ’লেও ক’ৰ’ণাৰ সংক্ৰমণ আছে যদিও ৰঙালী বিহু অতি সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেয়েহে এতিয়া ৰাজ্যবাসীক আনন্দ তথা মনোৰঞ্জন বিলাবলৈ সাজু হৈ পৰিছে শিল্পীসকল।