NORTHEAST NOW (Assamese)
Popular Stories

আমোদজনক খবৰ! সম্পূৰ্ণ অক্ষত ৰূপত উদ্ধাৰ হ’ল এবছৰ পূৰ্বে পানীত পৰা এটা মোবাইল ফোন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2021 3:43 pm

টাইৱানক ভয়ংকৰভাৱে খৰাঙে দেখা গৈছে।

দেশখনৰ বহুকেইটা মনোমোহা হ্ৰদ আৰু নদীৰ পানী খৰাঙৰ ফলত শুকাই পৰিছে।

৫৬ বছৰৰ মূৰত দ্বীপৰাষ্ট্ৰখনত এই খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে।

কিন্তু খৰাঙে জলবায়ুলৈ ভাবুকি কঢ়িয়াই অনাৰ বিপৰীতে এজন লোক সৌভাগ্যশালী ৰূপে বিবেচিত হৈছে।

চেন (Chen) উপাধিৰ লোকজনে কয় যে ছান মুন ( Sun Moon Lak) নামৰ হ্ৰদটোত এবছৰ পূৰ্বে পানীত পৰা তেওঁৰ মোবাইল ফোনটো পুনৰ উদ্ধাৰ হৈছে।

হ্ৰদটোৰ পানী শুকাই যোৱাৰ ফলত এজন শ্ৰমিকে ‘আইফোন ১১ প্ৰ মেক্স’ ফোনটো বোকাৰ মাজত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

চেনে কয় যে বাতৰিটো পাই তেওঁ আনন্দত শুবই পৰা নাছিল, তদুপৰি ৱাটাৰপ্ৰুফ কভাৰ থকা বাবে ফোনটো অক্ষত অৱস্থাত থকা বুলিও তেওঁ জনায়।

উল্লেখযোগ্য যে দ্বীপৰাষ্ট্ৰখনৰ পানী শুকাই যোৱাৰ বাবে জনসাধাৰণে পানীৰ অভাৱত ভুগিছে।

দুৰ্যোগৰ সময়ছোৱাতে এই বাতৰিয়ে আমোদৰ সৃষ্টি কৰিছে।

ফোনটো উদ্ধাৰ হোৱা চান মুন হ্ৰদটো ৫০-৬০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে শুকাই পৰিছে।

হ্ৰদটোৰ এটা পাৰত উদ্ভিদে পোখা মেলিব ধৰিছে।

যোৱা বৰ্ষত দ্বীপৰাষ্ট্ৰখনত ঘূৰ্ণীবতাহ নোহোৱাৰ বাবে এই খৰাঙে দেখা দিছে।

ঘূৰ্ণীবতাহে দ্বীপৰাষ্ট্ৰখনত প্ৰচুৰ পৰিমাণৰ বৰষুণ কঢ়িয়াই আনে।

খৰাঙৰ ফলত দ্বীপৰাষ্ট্ৰখন অৰ্থনৈতিকভাৱেও প্ৰত্যাহ্বানৰ সম্মুখিন হৈছে।