NORTHEAST NOW (Assamese)
অসম

টেক জায়েন্ট আলিবাবাক ২.৭৫ কোটি ডলাৰ জৰিমনা চীনৰ কৰ্তৃপক্ষৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 10, 2021 2:33 pm
Alibaba-Jack ma

বিশ্বৰ ই-কমার্চ ভিত্তিক আটাইতকৈ পৰিচিত প্ৰতিষ্ঠান আলিবাবাক সৰ্বোচ্চ অভিলেখ পৰিমানৰ ১৮ বিলিয়ন ইউয়ান বা ২৭৫কোটি ডলাৰ জৰিমনা কৰিছে চীনৰ নীতি নিৰ্দ্ধাৰণকাৰী কৰ্তৃপক্ষই।

বাতৰি অনুসৰি, এই জৰিমনা প্ৰতিষ্ঠানটোৰ ২০১৯চনৰ মুঠ লাভৰ মাত্ৰ চাৰি শতাংশ।

২০২০চনৰ অক্টোবৰত চীনৰ নীতি নিৰ্দ্ধাৰণকাৰী ব্যৱস্থাক সমালোচনা কৰিছিল আলিবাবাৰ প্ৰতিষ্ঠাতা জেক মা’ই। ইয়াৰ বাবেই প্ৰতিষ্ঠানটোৱে চীন চৰকাৰৰ কৰ্তৃপক্ষক এইদৰে জৰিমনা আদায় দিবলগীয়া হৈছে।

যোৱা ডিচেম্বৰত চীনৰ বজাৰ নিয়ন্ত্ৰণ প্ৰশাসনে আলিবাবাৰ বিৰুদ্ধে নীতিভংগৰ অভিযোগৰ তদন্ত আৰম্ভ কৰিছিল।

শনিবাৰে চীনৰ বজাৰ নিয়ন্ত্ৰণ প্ৰশাসনে জানিবলৈ দিছে যে আলিবাবাই ইয়াৰ ব্যৱসায়ীসকলক আন ই-কমার্চ প্লেটফৰ্ম ব্যৱহাৰ বন্ধ কৰি দি ২০১৫চনৰ পৰা ‘একচেটিয়া বজাৰৰ আধিপত্য’ গঢ়ি তোলা বুলি তদন্তত তেওঁলোকে প্ৰমাণ পাইছে।

ইপিনে, ছচিয়েল নেটৱৰ্ক ছাইট উইব’ত প্ৰকাশ কৰা এক বিবৃতিত আলিবাবাই কৈছে যে তেওঁলোকে এই জৰিমনাৰ বিষয়টো গ্ৰহণ কৰিছে আৰু চীন প্ৰশাসনৰ নীতি সম্পূৰ্ণ কাৰ্যকৰী কৰিব।