NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনী বিধি ভংগ! ২৪ঘন্টাৰ বাবে মমতা বেনাৰ্জীৰ প্ৰচাৰত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 13, 2021 8:56 am
Mamata Benerjee

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীক ২৪ ঘন্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰিছে দেশৰ নিৰ্বাচন আয়োগে।

সোমবাৰে সন্ধিয়া এখন বিজ্ঞপ্তিৰ জৰিয়তে এই কথা সদৰী কৰে নিৰ্বাচন আয়োগে।

বেনাৰ্জীক একাধিক মন্তব্যৰ বাবেই নিৰ্বাচনী বিধি ভংগ হোৱা বুলি মত পোষণ কৰিছে নিৰ্বাচন আয়োগে আৰু তাৰ বাবেই আৰোপ কৰা হৈছে বাধা।

নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞা অনুসৰি মমতা বেনাৰ্জীয়ে সোমবাৰে নিশা ৮বজাৰ পৰা মঙলবাৰে নিশা ৮ বজালৈকে কোনো নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব।

নিৰ্বাচন আয়োগৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে তৃণমূলৰ নেতাসকল ক্ষুব্ধ হৈ পৰিছে। দলৰ মুখপাত্ৰ ডেৰেক অ’ব্ৰায়েনে এই দিনটো গণতন্ত্ৰৰ এটা ক’লা দিন বুলি অবিহিত কৰিছে।

অহা ১৭ এপ্ৰিলত ৰাজ্যখনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। তাৰ পূৰ্বে ২৪ ঘন্টাৰ বাবে মমতা বেনাৰ্জীৰ প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰাত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আয়োগৰ বিজ্ঞপ্তি অনুসৰি, শেহতীয়াকৈ মমতা বেনাৰ্জীৰ দুটা মন্তব্যক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল। ইয়াৰে এটা সংখ্যালঘু সম্প্ৰদায়ৰ ভোট সম্বন্ধীয় আৰু আনটো কেন্দ্ৰীয় অৰ্দ্ধ সামৰিক বাহিনীক ঘেৰাও প্ৰসংগ।

তেওঁৰ এই মন্তব্যৰ ফলত ৰাজ্যখনত সাম্প্ৰদায়িক সম্প্ৰীতি তথা শান্তি ব্যহত হোৱা বুলি বিৰোধীসকলে অভিযোগ কৰিছিল।

ইয়াৰ পাছতে যোৱা ৭ এপ্ৰিলত আয়োগে তৃণমূল নেত্ৰীগৰাকীক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে। মমতা বেনাৰ্জীয়ে ৯ তাৰিখে তাৰ উত্তৰ দিছিল। কিন্তু আয়োগ মমতাৰ উত্তৰত সন্তুষ্ট নহ’ল আৰু আয়োগে এই পদক্ষেপ গ্ৰহণ কৰে।

অৱশ্যে, নিৰ্বাচন আয়োগৰ এই পদক্ষেপে তৃণমূলক ৰাজনৈতিকভাৱে ক্ষতি কৰিব নে লাভান্বিত কৰিব সেয়া অৱশ্যে আগন্তুক দিনত লক্ষ্যণীয় হ’ব।