NORTHEAST NOW (Assamese)
অসম

এইবোৰ কাৰকে কাম কৰিলেই চতিয়াত এইবাৰ নুফুলে ‘পদ্ম’

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 13, 2021 2:17 pm
padma hazarika

চতিয়া সমষ্টিৰ ‘জনপ্ৰিয়’ বিজেপি বিধায়ক পদ্ম হাজৰিকালৈ বিজয়ৰ ক্ষেত্ৰত এইবাৰ নামি আহিছে বহু প্ৰত্যাহ্বান।

হাজৰিকাৰ সন্মুখত এইবাৰ বহুকেইটা কাৰক প্ৰত্যাহ্বান হিচাপে থিয় দিছে। প্ৰথমটো কাৰক হিচাপে পৰিগণিত হৈছে দলৰ ভিতৰচ’ৰাৰ পৰাই হাজৰিকাক মাৰিব নেকি চিপৰাং?

কিয়নো এক সুত্ৰই দাবী কৰা মতে যোৱা ৩০ জুলাই ২০২০ত সমষ্টিটোৰ চকীঘাটৰ বহু মাটি পদ্ম হাজৰিকাৰ নেতৃত্বতে বেদখলমুক্ত হৈছিল।

সেই বেদখলমুক্ত মাটিত বিজেপিৰ কাৰ্যকৰ্তাৰ পৰিৱৰ্তে পৰিয়ালৰ লোককহে অগ্ৰাধিকাৰ দিয়া বুলি অভিযোগ উত্থাপিত হৈছে হাজৰিকাৰ বিৰুদ্ধে। সেয়েহে এইবাৰ তেওঁৰ কাষে-কাষে থকা বিজেপি নেতা-কাৰ্যকৰ্তাই ভিতৰি তেওঁক চিপৰাং মৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

এয়া এক গৌণ কাৰক যদিও অন্য কেতবোৰ গুৰুত্বপূৰ্ণ কাৰকে হাজৰিকাৰ জয়ত হেঙাৰ হিচাপে থিয় দিছে।

সমষ্টিটোত হাজৰিকাৰ মূল প্ৰতিদ্বন্দী হিচাপে পৰিগণিত হৈছে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী প্ৰাণেশ্বৰ বসুমতাৰী। যোৱা ২০১৬ৰ বিধানসভা নিৰ্বাচনত হাজৰিকাৰ হাতত বসুমতাৰী ১৮১৮ টা ভোটৰ ব্যৱধানত পৰাজিত হৈছিল। অৰ্থ্যাৎ পদ্ম হাজৰিকাই লাভ কৰিছিল ৬০,৪৪০ টা ভোট আৰু প্ৰাণেশ্বৰ বসুমতাৰীয়ে লাভ কৰিছিল ৫৮,৬২২ টা ভোট।

তাৎপয্যপূৰ্ণভাৱে এইবাৰ চিপিআই(এম)এ সমষ্টিটোত দিয়া নাই প্ৰাৰ্থিত্ব। যোৱাবৰ্ষত চিপিআই(এম)ৰ প্ৰাৰ্থী খেমৰাজ ছেত্ৰীয়ে লাভ কৰিছিল ৪৯১৪ টা ভোট। এইবাৰ যিহেতু দলটোৱে প্ৰাৰ্থী থিয় কৰোৱা নাই সেয়েহে ভোটখিনি কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থীলৈ যাৱ সেয়া একপ্ৰকাৰ নিশ্চিত।

উপৰোক্ত কাৰকটোও পদ্ম হাজৰিকাৰ বিজয়ৰ অনিশ্চয়তাত বিশেষ ভূমিকা গ্ৰহণ কৰিব।

আনহাতে, সমষ্টিটোৰ নেপালী আৰু বড়ো ভোটাৰে এইবাৰ বিশেষ ভূমিকা পালন কৰিছে। সূত্ৰ অনুসৰি কংগ্ৰেছৰ বৰছলা সমষ্টিৰ প্ৰাৰ্থী তথা ন-কংগ্ৰেছী ৰামপ্ৰসাদ শৰ্মাই নেপালী সম্প্ৰদায়ৰ ভোটখিনি কংগ্ৰেছ মহাজোঁটলৈ অনাৰ ক্ষেত্ৰত বিশেষ ভুমিকা লৈছিল।

ঠিক সেইদৰে হাগ্ৰামা মহিলাৰীয়েও বড়ো জনজাতীয় ভোট প্ৰাণেশ্বৰ বসুমতাৰীক প্ৰদানৰ ক্ষেত্ৰত বিশেষ ভুমিকা লোৱা বুলি ইতিমধ্যে সূত্ৰত প্ৰকাশ পাইছে।

এই কাৰকটোও হাজৰিকাৰ বিজয়ৰ ক্ষেত্ৰত বিশেষ প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে।

আনহাতে, ৰাষ্ট্ৰীয়তাবাদী ভাৱ সম্পন্ন দলৰ নেতা হৈয়ো নিজকে জাতীয়তাবাদী বুলি পৰিচয় দিয়া পদ্ম হাজৰিকাৰ আন এক প্ৰত্যাহ্বান হ’ল আছুৰ পৰা তেওঁ লাভ নকৰিলে কোনোধৰণৰ সমৰ্থন।

কা আন্দোলনৰ সময়ত সমষ্টিটোৰ বহুকেইগৰাকী আছুৰ মহকুমা পৰ্য্যায়ৰ নেতাক গ্ৰেপ্তাৰ কৰাৰ লগতে জেইললৈ প্ৰেৰণ কৰা হৈছিল বুলি সুত্ৰটোৱে দাবী কৰে।

এনে বহু কাৰক ইতিমধ্যে পদ্ম হাজৰিকাৰ সন্মুখত থিয় দিছে যদিও এই প্ৰত্যাহ্বানসমূহ নেওচি কেনেদৰে জয়ৰ মুখ দেখা পায় সেয়া ২ মে’ৰ ফলাফলত স্পষ্ট হৈ পৰিব।