NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাৰ দিহিং নৈত অঘটন : গা দুই থকা অৱস্থাত সলিল সমাধি ঘটিল এটি শিশুৰ

Posted by: মানস প্ৰতীম গগৈ Updated by: মানস প্ৰতীম গগৈ April 13, 2021 4:06 pm
index.jpga

মাৰ্ঘেৰিটা বুঢ়ীদিহিং নৈত সংঘটিত হৈছে এক অঘটন।

মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত বুঢ়ীদিহিং নৈত এজন শিশু গা ধুই থকা অৱস্থাত সলিল সমাধি ঘটিছে।

বহুকেইজন শিশুৱে বালুখাদ বুঢ়ীদিহিং ঘাতত গা ধুই থকা অৱস্থাত এই ঘটনা সংঘটিত হয়। দুজন শিশু প্ৰথম অৱস্থাত ডুব গৈছিল যদিও এজন শিশুক এজন স্থানীয় যুৱকে উদ্ধাৰ কৰে।

ইয়াৰ পাছতে কিছু সময়ৰ পাছত ৰাহুল পজা নামৰ দ্বিতীয় শ্ৰেমীত অধ্যয়নৰত ১২ বছৰীয়া আন এজন শিশুক নৈৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে স্থানীয় ৰাইজে।

মাৰ্ঘেৰিটা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

এই ঘটনাই অঞ্চলটোত শোকৰ ছা পেলাইছে।