NORTHEAST NOW (Assamese)
অসম

কৰ’না সংক্ৰমণৰ মাজতে আজি গৰু বিহু উদযাপন; যোগীবাৰী বিলত গৰু বিহু পালন খুমটাইৰ বিধায়কৰ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন April 14, 2021 11:58 am
IMG_20210414_113815

লাউ খা/বেঙেনা খা/ বছৰে বছৰে  বাঢ়ি যা/বাপেৰ সৰু/ মাৰ সৰু / তই হবি বৰ গৰু। আজি অসমীয়া জাতিৰ পৰম্পৰাগত গৰু বিহু।

আজিৰ দিনটোতেই কৃষিকৰ্ম আৰম্ভণিৰ আগমূহুৰ্তত গোহালিৰ গৰুক মাহ-হালধীৰে গা-পা ধুৱাই খেতিৰ বাবে সাজু কৰে।

অৰ্থাৎ কাইলৈ ১ বহাগ। অসমীয়া বছৰৰ পহিলা তাৰিখ। ইতিমধ্যে কৰ’না সংক্ৰমণৰ দ্বিতীয় ঢৌৰ আতংকই জাতিৰ প্ৰাণ ব’হাগ বিহুটিত কিছু প্ৰভাৱ পেলাইছে যদিও ম্লান পেলাব পৰা নাই অসমীয়াৰ আৱেগক।

অসমীয়া সমাজ জীৱনৰ এৰিব নোৱাৰা ৰঙালী বিহুৰ আজিৰ দিনটো সকলোৰে লগতে গোলাঘাটৰ খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াও ঐতিহাসিক যোগীবাৰী বিলত স্থানীয় লোকৰ সহযোগত গৰুক মাহ-হালধীৰে গা-পা ধুৱাই গৰু বিহু পালন কৰে।

কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগ, চৰকাৰৰ নিৰ্দেশাৱলী অনুসৰণ কৰি ৰঙালী বিহু উদযাপন কৰিবলৈ আহ্বান জনাইছে বিধায়কগৰাকীয়ে।