NORTHEAST NOW (Assamese)
Popular Stories

“টোঘলকী লকডাউন”, কেন্দ্ৰৰ ক’ভিড প্ৰতিৰোধী কৌশলপ্ৰণালীক তীক্ষ্ণ সমালোচনা ৰাহুল গান্ধীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 16, 2021 1:31 pm

ক’ভিড-১৯ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিক লৈ পুনৰ সৰৱ হ’ল  কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

শুকুৰবাৰে এটা টুইটযোগে তেওঁ কয় যে কৰোণাভাইৰাছক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰই গ্ৰহণ কৰা কৌশলপ্ৰণালীসমূহ তিনিটা পৰ্যায়ত ভাগ কৰিব পাৰি।

তেওঁৰ মতে, কৌশলপ্ৰণালীসমূহৰ প্ৰথম পৰ্যায়টো হৈছে এটা ”টোঘলকী লকডাউন”।

ইয়াৰ দ্বাৰা তেওঁ যোৱা বছৰ  ২৫ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশজুৰি  বলৱৎ কৰা লকডাউনক ইংগিত কৰে।

তেওঁৰ মতে, দ্বিতীয় পৰ্যায়টো হৈছে ক’ভিড-১৯ ৰোধ কৰিবলৈ জনতাক ঘণ্টা বজাবলৈ নিৰ্দেশ জনোৱাটো।

ইয়াৰ দ্বাৰা তেওঁ যোৱা বছৰ ২২ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনতা কাৰ্ফিউৰ সময়ছোৱাত দেশবাসীক কাঁহী-বাতি বজাবলৈ কোৱা কাণ্ডটোক ইংগিত কৰিছে।

আনহাতে, গান্ধীৰ মতে, তৃতীয় কৌশলপ্ৰণালীটো হৈছে ক’ভিড-১৯ ৰোধ কৰিবলৈ ভগৱানক প্ৰাৰ্থনা কৰাটো।

ইয়াৰ উপৰিও, বৃহস্পতিবাৰে নেতাজনে প্ৰধানমন্ত্ৰীৰ কেয়াৰ ফাণ্ডক উপহাস কৰি কৈছিল যে চিকিৎসালসমূহত বিছনা, ভেণ্টিলেটৰ আৰু ভেকচিনৰ অভাৱ হৈছে।