NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাতংকৰ বাবেই বাতিল হ’ল ৰামদিয়াৰ ঐতিহাসিক ভঠেলী উৎসৱ

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা April 18, 2021 7:28 am
kamala-harris_1200_-instagram

ক’ৰ’নাতংকৰ বাবেই বাতিল হ’ল ৰামদিয়াৰ ঐতিহাসিক ভঠেলী উৎসৱ

কৰʼণাৰ দ্বিতীয় লহৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আয়োজক সমিতিয়ে।

সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে আয়োজক সমিতিয়ে।

উল্লেখ্য  অহা ৫ বʼহাগৰ পৰা ৭ বʼহাগলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল ভঠেলী উৎসৱ।

সেইমৰ্মে প্ৰস্তুতি  প্ৰায় সম্পূৰ্ণ হৈ উঠিছিল যদিও ক’ৰ’নাৰ আতংকৰ বাবেই আয়োজক সমিতিয়ে ভঠেলী উৎসৱ বাতিল কৰাৰ সিদ্ধান্ত ল’বলগীয়া হয়।

উল্লেখ্য  বিগত বৰ্ষতো কৰʼণা মহামাৰীৰ বাবে বাতিল হৈছিল ভঠেলী উৎসৱ।

ৰামদিয়া ভঠেলী উৎসৱলৈ বহু দূৰ-দূৰনিৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে।

সমগ্ৰ অঞ্চলটোতে এক ঐতিহাসিক পৰিচয় থকা ৰামদিয়াৰ ভঠেলী উৎসৱ বাতিল হোৱাত বহুতে দুখ প্ৰকাশ কৰাও দেখা গৈছে।

অৱশ্যে ক’ৰ’নাতংকৰ সময়ত উৎসৱ উদযাপন কৰা উচিৎ নহ’ব বুলিও বহুতে কৈছে।