NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম April 18, 2021 9:01 pm
Biswanath

বিশ্বনাথৰ বাঘমাৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

AS 12 AC 8101 নম্বৰৰ যাত্ৰীবাহী অটো এখনে বিশ্বনাথ চাৰিআলিৰ মাজুলীগড়ৰ পৰা বিহালীৰ লাহৰিজান অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

যাত্ৰীৰ অভিযোগ অনুসৰি অটো চালকজনে অত্যধিক গতিবেগত অটোখন চলোৱাৰ লগতে ফোনত কথা পাতি থকাৰ বাবেই দুৰ্ঘটনা সংঘটিত হয়।

অটোখনত থকা প্ৰায় ৭-৮ জনীয়া যাত্ৰীৰ আটাইকেইগৰাকীয়ে গুৰুত্বৰ ভাৱে আহত হয়।

পৰৱৰ্তী সময়ত জিনজীয়া আৰক্ষীৰ উপস্থিতিত ৰাইজৰ সহযোগত আঘাতপ্ৰাপ্ত যাত্ৰীসকলক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰে।