NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ কহঁৰা নদীৰ পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু সম্পন্ন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 19, 2021 6:53 am
Kaziranga

গুৱাহাটীৰ এক সাংবাদিক সংগঠন সমন্বয়ৰ উদ্যোগত কাজিৰঙা, বোকাখাত, নুমলীগড় আৰু কমাৰগাঁওৰ যুৱ সাংবাদিকৰ সৌজন্যত দেওবাৰে দিনজোৰা কাৰ্যসুচীৰে কাজিৰঙাত অনুষ্ঠিত হয় সাংবাদিকৰ মুকলি বিহু৷

কাজিৰঙাৰ কহঁৰাত কহঁৰা নদীৰ পাৰত পুৱাৰে পৰাই আৰম্ভ হোৱা সাংবাদিকৰ অষ্টম সংখ্যক এই মুকলি বিহুৰ বাকৰি ফিটা কাটি উন্মোচন কৰে বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে৷ পতাকা উত্তোলন কৰে সমন্বয়ৰ সভাপতি দিগন্ত দাসে৷

অনুষ্ঠানত অগপৰ সভাপতি অতুল বৰা আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ নাথো উপস্থিত থাকে৷ পতাকা উত্তোলন কৰি দিগন্ত দাসে সকলোকে ইতিবাচক চিন্তাৰে আাগবাঢ়িবলৈ আহ্বান জনায়৷

বন্তি প্ৰজ্বলন কৰে শ্ৰীমন্ত শংকৰ সংঘৰ সম্পাদক বাবুল বৰা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ নাথ, কাজিৰঙাৰ জ্যেষ্ঠা নাগৰিক হেম প্ৰভা শইকীয়া, লেখিকা সমাৰোহ সমিতিৰ সুবৰ্ণ শইকীয়া বৰদলৈ, জ্যেষ্ঠ সাংবাদক মৃনাল কুমাৰ বৰা, গৌতম শৰ্মা আৰু কাজিৰঙাৰ যুৱ নেতা দেৱপ্ৰদীপ বৰাই৷

বন্তি প্ৰজ্বলনৰ পিছতেই বোকাখাতৰ বিধায়ক তথা অগপৰ সভাপতি অতুল বৰাই আনুষ্ঠানিকভাৱে সাংবাদিকৰ মুকলি বিহু উদ্বোধন কৰে৷ বিহু উন্মোচন কৰি অতুল বৰাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সুলোক ধোলোক হ’বলৈ নিদি সকলোকে সংবাদ মাধ্যমক সহায় কৰিবৰ বাবে আহ্বান জনায়৷

অনুষ্ঠানতে সাংবাদিক সংগঠন আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়া আৰু তেখেতৰ পৰিবাৰ চন্দ্ৰপ্ৰভা শইকীয়াক সম্বৰ্ধনা জনোৱা হয়৷

বোকাখাত সাপজুৰিৰ হুঁচৰি দলৰ প্ৰদৰ্শনেৰে আৰম্ভ হয় মুকলি বিহু কাৰ্যসুচী৷ বিহুগীত আৰু ঢোল বাদনেৰে অতুল বৰাই সমন্বয়ৰ উদ্যোগত কাজিৰঙাত আয়োজিত সাংবাদিকৰ অষ্টম সংখ্যক মুকলি বিহুৰ কাৰ্যসুচী শুভাৰম্ভ কৰে।