NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত ক’ভিডৰ দ্বিতীয় ঢৌত প্ৰথমজন ক’ভিড ৰোগীৰ মৃত্যু

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন April 19, 2021 7:33 pm
india-covid-1

অৱশেষত গোলাঘাটত ক’ভিডৰ দ্বিতীয় ঢৌয়ে প্ৰাণ কাঢ়িলে এজন ৰোগীৰ। নিজ গৃহতে আইছ’লেশ্যনত থকা উৰিয়ামঘাটৰ আমিৰ হুছেইন নামৰ এই ৬১ বছৰ বয়সীয়া লোকজন ক’ভিড আক্ৰান্ত হৈ মৃত্যু হ’য়।

ট্ৰেভেল হিষ্ট্ৰী থকা ব্যক্তি জন নেপালৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে।

বিগত ১ এপ্ৰিলৰ পৰা গোলাঘাটত  ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা।

ইতিমধ্যে এইপৰ্যন্ত ১৯৪৬৫ জন লোকৰ ক’ভিড পৰীক্ষণ সম্পন্ন হৈছে। ইয়াৰে ১২৮ জন ক’ভিড পজিটিভ পোৱাৰ  লগতে ৮৯ জনৰ দেহত  বৰ্তমানেও সক্ৰিয় হৈ আছে।

ইপিনে আজিৰ দিনটোত মুঠ ১৬৩৮ জনৰ স্বাৱ পৰীক্ষণ হোৱাৰ পিছত মুঠ ৩২ জনৰ দেহত ক’ভিড ভাইৰাছ পোৱা গৈছে।

ইয়াৰে ৮৯  জন পজিটিভৰ ভিতৰত ৬৮ জনক নিজ গৃহতে আইছ’লেশ্যনত ৰখাৰ ব্যৱস্থা কৰাৰ উপৰিও ১৮ জনক গোলাঘাট ক’ভিড হাস্পাতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

আনহাতে, ৬ জনক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পাতাললৈ স্থানান্তৰিত কৰাৰ লগতে ২ জনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে সমগ্র দেশজুৰি ক’ভিডৰ দ্বিতীয় ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত গোলাঘাট  জিলা প্ৰশাসনে ক’ভিডৰ নীতি-নিয়মৰ ক্ষেত্ৰত অধিক কঠোৰ স্থিতি গ্ৰহণ কৰি মাস্ক বাধ্যতামূলক কৰিছে।