NORTHEAST NOW (Assamese)
অসম

প্রতিবাদত মানিলে সেও : কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বাহাল ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 21, 2021 4:12 pm
warrior

কোভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰৰ সৃষ্টি কৰা ভাৰতবৰ্ষত এতিয়াৰে পৰা কোনো কোভিড যোদ্ধাৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটিলেও তেনে ব্যক্তিৰ পৰিয়ালে  চৰকাৰে ঘোষণা কৰা ৫০ লাখ টকাৰ বীমাৰ সুবিধা লাভ নকৰিব বুলি চৰকাৰে কৰা ঘোষণাই দেশ জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ  সৃষ্টি কৰিছিল।

দেশ জুৰি সৃষ্টি হোৱা এনে প্ৰতিক্ৰিয়াৰ মাজতে আজি কেন্দ্ৰীয় চৰকাৰে কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমাৰ সুবিধা বাহাল ৰখা হ’ব বুলি ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যাণ আঁচনিৰ অধীনত আজিৰে পৰা অহা এবছৰৰ বাবে এই বীমাৰ ম্যাদ বৃদ্ধি কৰা বুলি ঘোষণা কৰিছে চৰকাৰে। আজি কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে লগতে এই কথাও প্ৰকাশ কৰে যে বিগত বৰ্ষত কোভিড যুদ্ধত ভাগ লৈ মৃত্যুবৰণ ২৮৭ গৰাকী কোভিড যোদ্ধাৰ পৰিয়ালে ইতিমধ্যে এই বীমাৰ সুবিধা লাভ কৰিছে।

উল্লেখ্য শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কোভিডৰ ভৰপক সময়তে কোভিড যোদ্ধাসকলৰ বীমা বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল।

উল্লেখ্য বিগত বৰ্ষত কোভিডৰ প্ৰথম সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে কোভিডৰ বিৰুদ্ধে সন্মুখৰ পৰা যুদ্ধ কৰি থকা চিকিৎসক, নাৰ্চ সকলৰ লগতে সাংবাদিকসকলকো ৫০ লাখ টকাৰ জীৱন বীমা আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছিল।

মোদীৰ চৰকাৰে কোভিড যোদ্ধাসকলক আকাশমাৰ্গৰ পৰা ফুল চটিয়াই সন্মান প্ৰদৰ্শন কৰিছিল।

EzbzN8BVoAIIlNM

চৰকাৰে কোভিড হাস্পতালত কৰ্মৰত কৰ্মচাৰীসকলৰ বাবেও ৫০ লাখ টকাৰ বামা প্ৰদানৰ কথা ঘোষণা কৰিছিল।

কিন্তু হঠাতে চৰকাৰেই সেই বীমাৰ সুবিধা বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল।

২০২০ চনৰ ২০ মাৰ্চৰ পৰা চৰকাৰে উক্ত বীমা আৰম্ভ কৰিছিল।

পৰৱৰ্তী সময়ত সেই বীমাৰ ম্যাদ ২০২১ চনৰ ২৪ মাৰ্চলৈ বৃদ্ধি কৰা হয়।

শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সকলো ৰাজ্যৰ মুখ্য সচিব সকললৈ পত্ৰ লিখি উক্ত বীমাৰ ধন আৰু দিব পৰা নাযাব বুলি জনাইছিল যদিও আজি সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰে।