NORTHEAST NOW (Assamese)
অসম

লক্ষ্য চীনৰ ৰাষ্ট্ৰদূত! পাকিস্তানৰ বিলাসী হোটেলত বোমা বিস্ফোৰণত কমেও ৪ জন লোক নিহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 22, 2021 1:03 pm
pakistan-blast

পাকিস্তানৰ বেলুচিস্তানৰ ৰাজধানী কোৱেটাত ছেৰেনা নামৰ এখন বিলাসী হোটেলত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাত কমেও ৪জন লোক নিহত আৰু ১১জন লোক আহত হৈছে।

ইছলামিক সন্ত্ৰাসবাদী সংগঠন তালিবানে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে।

বুধবাৰে নিশা সংঘটিত হোৱা শক্তিশালী বিস্ফোৰণটো চীনৰ ৰাষ্ট্ৰদূতক হত্যাৰ বাবে চলোৱা আক্ৰমণ বুলি সদৰী কৰিছে বেলুচিস্তানৰ গৃহমন্ত্ৰীয়ে।

আফগানিস্তানৰ সীমান্তৱৰ্তী প্ৰদেশখনত চলোৱা এই আক্ৰমণৰ দায়িত্ব তালিবানে স্বাকীৰ কৰা বুলি বিবিচিৰ বাতৰিত প্ৰকাশ পাইছে।

তালিবানৰ এগৰাকী মুখপাত্ৰই সংবাদ সংস্থাক জানিবলৈ দিয়ে যে এয়া এক আত্মঘাতী আক্ৰমণ আছিল। হোটেলৰ ভিতৰত গাড়ীভৰ্তি বিস্ফোৰক লৈ তালিবানৰ আত্মঘাতী আক্ৰমণকাৰী প্ৰৱেশ কৰিছিল।

দেশখনৰ গৃহমন্ত্ৰী শ্বেখ ৰছিদ আহমেদে পাকিস্তানৰ এআৰৱাই নিউজ টিভিক জানিবলৈ দিয়ে যে এখন  বিস্ফোৰক ভৰ্তি গাড়ী আছিল আৰু সেইখন হোটেলখনৰ চৌহদত বিস্ফোৰিত হয়।

তেওঁ লগতে জানিবলৈ দিয়ে যে চীনৰ ৰাষ্ট্ৰদূত নং ৰং সেই সময়ত এক অনুষ্ঠানত ব্যস্ত থকাৰ বাবে হোটেলখনত উপস্থিত নাছিল।

বাতৰি অনুসৰি, হোটেলখনত থকা চীনৰ ৰাষ্ট্ৰদূত নং ৰং-ৰ কোৱেটা ভ্ৰমণ বৃহস্পতিবাৰে সামৰণি পৰিব।