NORTHEAST NOW (Assamese)
অসম

কাণসাৰ নাই স্বাস্থ্য বিভাগৰ! গোলাঘাটত ক’ভিড ভেকচিনৰ নাটনিয়ে বিমুখ কৰিছে ৰাইজক

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন April 22, 2021 1:27 pm
Golaghat vaccine crisis

সমগ্র ৰাজ্যত এতিয়া ক’ভিডৰ দ্ৰুত সংক্ৰমণে এক বিপদসংকুল পৰিবেশৰ সৃষ্টি কৰিছে। জীৱন যুজঁৰ এনে জটিল সন্ধিক্ষণত গোলাঘাটত ৰাইজে ভেকচিন ল’বলৈ হেঁতাওপৰা লগাই ভেকচিন  গ্ৰহণৰ পৰা বিমুখ হ’বলগীয়া হৈছে।

ইপিনে একেসময়তে গোলাঘাটত ৫ জনকৈ লেৱ টেকনিচিয়ান ক’ভিড আক্ৰান্ত হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে গোলাঘাট স্বাস্থ্য বিভাগ।

সমান্তৰালকৈ কালি পৰ্যন্ত গোলাঘাট জিলাত ক’ভিডৰ দ্বিতীয় ঢৌত ২০৯ জন আক্ৰান্ত হোৱাৰ বিপৰীতে ১৪৪ জনৰ দেহত কৰ’না সক্ৰিয় অৱস্থাত আছে।

ইয়াৰ লগতে গোলাঘাটৰ ক’ভিড হাস্পাতালত ৪৫ জন ৰোগী চিকিৎসাধীন হৈ আছে। এইপৰ্যন্ত গোলাঘাটত ক’ভিডত ২ জনকৈ লোকৰ মৃত্যু ঘটিছে।

এতিয়া প্ৰশ্ন উঠিছে যে , যিটো সময়ত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ চৰকাৰী নিৰ্দেশ আহিছে, তেনেসময়ত ভেকচিন গ্ৰহণৰ বাবে ৰাইজৰ এনে হেঁতাওপৰা কিমানদূৰ গ্ৰহণযোগ্য!