NORTHEAST NOW (Assamese)
অসম

কণী পৰা নাই মূৰ্গীয়ে; খঙৰ ভমকতে আৰক্ষীৰ দ্বাৰস্থ হ’ল ফাৰ্মৰ মালিক!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 23, 2021 2:42 pm
WhatsApp Image 2021-04-23 at 2.33.03 PM

সাধাৰণতে চুৰি, ডকাইতি, হত্যা বা আন তেনেধৰণৰ বিভিন্ন অপৰাধৰ বাবে থানাত গোচৰ তৰা হয়। কিন্তু তাৰ মাজতে দুই এটা আজৱ অবিযোগ লৈও মানুহ থানালৈ আহে। মহাৰাষ্ট্ৰত ঘটা এই ঘটনাটোও তেনেকুৱাই।

মূৰ্গীয়ে কণী পৰা নাই। সেয়ে, থানাত গৈ অভিযোগ দিলে এজন মূৰ্গী ফাৰ্মৰ মালিকে। শুনিবলৈ আচহুৱা যেন লাগিলেও ঘটনাটো সত্য।

বাতৰি অনুসৰি, মহাৰাষ্ট্ৰৰ পুনেত ঘটিছে এই ঘটনা। মূৰ্গী ফাৰ্মৰ মালিকজনে আৰক্ষীক অবিযোগ দিয়ে যে এটা বিশেষ সংস্থাই তৈয়াৰ কৰা খাদ্য খোৱাৰ পাছৰে পৰা সকলো মূৰ্গীয়ে কণী পৰা বন্ধ কৰি দিছে।

তেওঁ লগতে অভিযোগ কৰে যে পূৰ্বে পুনেৰ এটি নাম থকা সংস্থাৰ পৰা মূগীৰ খাদ্য কনিছিল যদিও বৰ্তমান দাম বঢ়াৰ বাবে কাষৰীয়া জিলা আহমেদনগৰৰ আন এটি সংস্থাৰ পৰা খাদ্য কিনিছিল।

লোনি কালভোৰ আৰক্ষী থানাৰ ৰাজেন্দ্ৰ মোকাচিয়ে এই সন্দৰ্ভত কয়,’’এখন মূৰ্গী ফাৰ্মৰ মালিকে এই বিষয়ত অভিযোগ দিছে। অৱশ্যে, তেওঁ অকলেই নহয়, আৰু কমেও চাৰিজনে এই অভিযোগ দিছে। প্ৰত্যেকেই সেই সংস্থাটোৰ খাদ্য খাইয়ে তেওঁলোকৰ মূৰ্গীয়ে কণী পৰা বন্ধ কৰি দিছে।‘’

তদুপৰি তেওঁ লগতে কয় যে দৰাচলতে কেতিয়াবা কেতিয়াবা কিছুমান খাদ্য মূৰ্গীৰ পছন্দ নহয়। তেতিয়াই মূৰ্গীবিলাকে কণী দিয়া বন্ধ কৰি দিয়ে। ইয়াতো তেনে ঘটনাই ঘটিছে।

আৰক্ষী বিষয়াই আহমেদনগৰৰ ব্লক পৰ্যায়ৰ পশুপালন বিভাগৰ বিষয়াৰ সৈতেও কথা পাতে। তেওঁৱো একে কথাই কয়।

আনহাতে, উক্ত খাদ্য প্ৰস্তুতকাৰক সংস্থাটোৱে সকলো মূৰ্গী ফাৰ্মৰ মালিকক ক্ষতিপূৰণ দিবলৈ মান্তি হোৱাত গোচৰ ৰুজু কৰা নহ’ল। কিন্তু এই বাতৰি পোহৰলৈ অহাৰ পাছত ঘটনাটোক লৈ বহুতেই আমোদ লৈছে।