NORTHEAST NOW (Assamese)
অসম

অবিশ্বাস্য হ’লেও সত্য! আৰৱৰ স্কুলত পঢ়ুওৱা হ’ব ৰামায়ণ, মহাভাৰত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 24, 2021 8:50 am
Mahabharata

বিশ্বৰ বিভিন্ন দেশত ভাৰতৰ বৰ্ণাঢ্য সংস্কৃতিৰ চৰ্চা চলি আহিছে। কিন্তু আৰৱৰ স্কুলত মহাভাৰত! অবিশ্বাস্য হ’লেও কথাটো সঁচা।

এইবাৰ চৌদি আৰৱৰ স্কুলতো চৰ্চা হ’ব ভাৰতীয় সংস্কৃতি, ইতিহাস, যোগ তথা আয়ুৰ্বেদৰ। চৌদি আৰৱৰ প্ৰিন্স মহম্মদ বিন চলমানে তেনে এক পৰিকল্পনাই কৰিছে। ইয়াৰ ভিতৰত মহাভাৰতো আছে।

প্ৰিন্স মহম্মদ বিন চলমানে দেশখনৰ স্কুলীয়া শিক্ষাৰ পাঠ্যক্ৰমত বহু কিছু পৰিৱৰ্তন আনিছে। তেওঁ বিভিন্ন দেশৰ ইতিহাস, সংস্কৃতি সম্পৰ্কে শিক্ষাৰ্থীসকলক এক ধাৰণা দিয়াটো বিচাৰিছে।

ইয়াৰ মাজত ভাৰতৰ শিক্ষা-সংস্কৃতিও আছে। তেওঁৰ এই পৰিকল্পনাৰ নাম দিয়া হৈছে ‘ভিছন ২০৩০’।

প্ৰিন্সৰ পৰিকল্পনা অনুসৰি ইতিমধ্যে চৌদি আৰৱৰ স্কুলৰ পাঠ্যক্ৰমত সোমাইছে ৰামায়ণ আৰু মহাভাৰত। ইয়াৰ লগতে যোগ আৰু আয়ুৰ্বেদ সম্পৰ্কেও বহুখিনি বিষয় পঢ়ুওৱা হ’ব।

কেবল সেয়াই নহয়, বাতৰি অনুসৰি ভিছন ২০৩০-ত ইংৰাজী ভাষা শিকাটোও  বাধ্যতামূলক কৰা হৈছে। এই পৰিকল্পনাৰ জৰিয়তে চৌদি আৰৱৰ শিক্ষা ব্যৱস্থাৰ দৃষ্টিভংগীত আমোল পৰিৱৰ্তন ঘটিব পাৰে।

মহাভাৰতত এক লাখ শ্লোক আৰু দীঘলীয়া গদ্যাংশ সংযোজন গটিছে। মহাকাব্যখনত প্ৰায় ওঠৰ লাখ শব্দ সংখ্যা আছে। ইয়াৰ আয়তন ইলিয়াড আৰু ওডিচিৰ সন্মিলিত আয়তনতকৈ দহগুণ অধিক হ’ব।