NORTHEAST NOW (Assamese)
অভিমত

পলিটিক্স নকৰিবা বন্ধু…দিল্লীত ‘হা অক্সিজেন হা অক্সিজেন’ কৰি চটফটাই থকা সকলৰ প্ৰতি সহানুভূতিশীল হওঁ আহক

Posted by: দুলাল মিশ্ৰ April 24, 2021 4:32 pm
bbbbb

প্ৰাণদায়িনী অক্সিজেনৰ অভাৱত দেশৰ বিভিন্ন ৰাজ্যত এতিয়া লাখ লাখ মানুহে পানীৰ পৰা তুলি অনা মাছৰ দৰে চটফটাই আছে, বহুতে অক্সিজেনৰ অভাৱতে কৰুণ মৃত্যুক সাৱটিছে।

পৰিস্থিতিটো অধিক ভয়াৱহ  হৈ পৰিছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত।

দিল্লীৰ মুখ্যমত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ-মুখ্যমত্ৰী মনিষ ছিচ’ডিয়াই ৰাজ্য খনত হোৱা অক্সিজেনৰ নাটনিৰ প্ৰসংগত বাৰে বাৰে জনতাক অৱগত কৰি আহিছে।

ৰাজ্য খনত কোভিডত আক্ৰান্ত হৈ প্ৰতিদিনে গড়ে ২০০ লোকৰ মৃত্যু ঘটিছে। দিল্লীৰ অভিজাত চিকিৎসালয় সমূহতো অক্সিজেনৰ নাটনি হৈছে। সেইবাবেই কেৱল কালিৰ দিনটোতে দিল্লীৰ উন্নত চিকিৎসালয় হিচাবে জনাজাত গংগাৰাম হস্পিতালত অক্সিজেনৰ অভাৱতে ২৫ গৰাকীকৈ লোকে অতি কৰুণ মৃত্যুক সাৱটিছে।

গংগাৰাম হস্পিতালৰ অধ্যক্ষ ডাঃ ডি এছ ৰাণাই অসহায় ভাবে কৈছে—‘আমি অক্সিজেন নিৰৱচ্ছিন্ন যোগান অব্যাহত থকাটো বিচাৰো। কিন্তু সেয়া হোৱা নাই’।

অক্সিজেনৰ অভাৱত এতিয়া দিল্লীৰ বহু চিকিৎসালয়ত ভেণ্টিলেটৰ একপ্ৰকাৰ অকামিলা হৈ পৰিছে।মনুহক গাড়ীৰ ভিতৰতে অক্সিজেনৰ ব্যৱস্থা কৰা হৈছে।

কোভিড আক্ৰান্তই কেৱল বতাহ বিচাৰি এনেদৰে হাহাকাৰ কৰি থকাৰ সময়তে দিল্লীৰ মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাকলৈ এতিয়া সৰৱ হৈ পৰিছে একাংশ লোক।

এই চাম হৃদয়হীন লোকে দিল্লীত হা অক্সিজেন, হা অক্সিজেন কৰি চটফটাই থকা লোক সকলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে কেজৰিৱালক আক্ৰমণ কৰিবলৈ গৈ মৃতকৰ প্ৰতি  নূন্যতম সৌজন্যতা খিনিও প্ৰদৰ্শন কৰিবলৈ পাহৰি গৈছে।

ফেচবুকত পোষ্ট দি এই চাম লোক ব্যস্ত কেৱল কেজৰিৱালক আক্ৰমণ কৰাতেই। কোৱা বাহুল্য ৰাজনৈতিক প্ৰতিহিংসা ফেচবুকৰ মাধ্যমেৰে চৰিতাৰ্থ কৰিবলৈ যোৱা এই সকল লোকৰ প্ৰায় ভাগৰে দিল্লীৰ সৈতে নাই কোনো প্ৰত্যক্ষ সম্পৰ্ক।

দিল্লীৰ দুৰ্গত জনৰ আৰ্তনাদত বুকু কঁপি নুঠা এই সকল লোকৰ মাজৰে আকৌ বহুতে দিল্লী দেখিয়েই পোৱা নাই।

তেনে স্থলত কেৱল ৰাজনৈতিক ভাবে কাৰোৱাক আক্ৰমণ কৰিব লাগে বুলিয়েই দুৰ্গত  জনৰ দুখ-দুৰ্দশাক উপলুঙা কৰাটো নিশ্চয়কৈ মানৱতাৰ পৰিচায়ক নহয়।

দিল্লী দেশৰ ৰাজধানী। তাত কোন দলৰ চৰকাৰ আছে সেয়া প্ৰধান কথা নহয়। প্ৰধান কথাটো হ’ল তাত কোভিড আক্ৰান্তই কেনে অৱস্থাত আছে সেয়াহে।

এতিয়া কোভিডকলৈ ৰাজনৈতিক গদা ঘূৰাই থকাতকৈ দিল্লীৰ দুৰ্গত জনক কিদৰে মনোৱল যোগাব পাৰি তাৰ চিন্তা কৰাটোহে প্ৰকৃত মানুহৰ কাম হ’ব।

দিল্লীত কোভিডত আক্ৰান্ত হৈ কেৱল ৰাজ্য খনৰ স্থানীয় লোকৰেই মৃত্যু ঘটা নাই, মৃত্যু ঘটিছে অসমৰো বহু লোকৰ।  কেৱল ২২ এপ্ৰিলতে দিল্লীত মৃত্যু ঘটিছে অসমৰ ১০ গৰাকীকৈ লোকৰ।

কালিও তামুলপুৰৰ সমপীবৰ্তী লতিবাৰীৰ এগৰাকী লোকে দিল্লীৰ গুড়গাঁওৰ এখন চিকিৎসালয়ত কোভিডত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিছে।

এনেবোৰ ঘটনাকলৈ এতিয়া উদ্বিগ্ন হোৱাৰ সময়, সমবেদনা জনোৱাৰ সময়, পাৰিলে কিবা প্ৰকাৰে সহায় কৰাৰ সময়। ইয়াকে নকৰি কেৱল কেজৰিৱালক ট্ৰল কৰি থকাটো মানৱতাৰ পৰিচায়ক নিশ্চয়কৈ হ’ব নোৱাৰে।

আমি মনত ৰাখিব লাগিব যে দিল্লীৰ দৰেই অসমতো এতিয়া কোভিডৰ সংহাৰ চলিছে।আমিও সেয়ে একে খন নাঁওৰেই যাত্ৰী।