NORTHEAST NOW (Assamese)
Popular Stories

অবৈধভাৱে উচ্চ মূল্যত ৰামদেছিৱিৰ বিক্ৰী কৰিবলৈ গৈ আটক চিকিৎসকসহিতে ৪জন লোক, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 25, 2021 6:15 pm

ক’ভিড ৰোগীসকলৰ বাবে যোগান ধৰা মূল্যৱান ৰামদেছিৱিৰ (Remdesivir) ঔষধবিধক লৈ ক’লা বজাৰ সৃষ্টি কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে এজন চিকিৎসককে ধৰি আন তিনিজন লোকক।

গুজৰাটৰ ছুৰাটত সংঘটিত হৈছে এই ঘটনা।

দেওবাৰে বিভাগীয় কৰ্তৃপক্ষই এই কথা জনাইছে।

শনিবাৰে গুজৰাটৰ বিভিন্ন অঞ্চলৰ পৰা অপৰাধ অনুসন্ধান শাখাৰ এটা দলে এই সংক্ৰান্তত চাৰিজন লোকক আটক কৰে।

চাৰিওজন লোকৰ পৰা ৰামদেছিৱিৰৰ তিনিটাকৈ বটল আৰক্ষীয়ে উদ্ধাৰ কৰে।

আৰক্ষীয়ে কোৱা মতে, অভিযুক্ত লোককেইজনে ঔষধবিধ অধিক মূল্যত বিক্ৰী কৰিবলৈ চেষ্টা কৰিছিল।

অভিযুক্ত লোককেইজনৰ ওপৰত লালগেট আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০ (প্ৰৱঞ্চনা), ১২০-বি (অপৰাধজনিত ষড়যন্ত্ৰ) ধাৰা আৰু প্ৰয়োজনীয় সামগ্ৰী আইন অনসুৰি এখন এজাহাৰ ৰুজু কৰা হৈছে।