NORTHEAST NOW (Assamese)
অসম

নগাঁও জিলাৰ ৰহাৰ পহুপুৰী গাঁৱক কন্টেইনমেন্ট জ’ন ঘোষণা : সমগ্ৰ গাঁওখন চেনিটাইজ প্ৰশাসনৰ

Posted by: মুৰুলী বৰুৱা Updated by: মুৰুলী বৰুৱা April 25, 2021 8:01 pm
IMG_20210425_185554

কৰোনাৰ হটস্পষ্টত পৰিণত হৈছে এতিয়া নগাঁও জিলাৰ ৰহাৰ পুহুপুৰী গাঁও।

পহুপুৰী গাঁৱত শুক্ৰবাৰ পৰ্যন্ত ২৬ জনৰ দেহত ধৰা পৰিছে কোভিড১৯ৰ উপস্থিতি। পহুপুৰী গাঁৱত গণ সংক্ৰমণ হোৱাৰ ফলতে নগাঁও জিলা প্ৰশাসনে পহুপুৰী গাঁওখন কণ্টেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।

স্বাস্থ্য বিভাগৰ পৰা লাভ কৰা সূত্ৰ অনুযায়ী ইতিমধ্যে বৃহত্তৰ ৰহা অঞ্চলত প্ৰায় শতাধিক লোকৰ শৰীৰত কোভিড ১৯ৰ উপস্থিতি ধৰা পৰিছে। স্বাস্থ্য বিভাগে শুক্ৰবাৰৰ দিনটোৰ ভিতৰত ১০ জনৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰা কথা উল্লেখ কৰিছে। ইয়াৰে ৮ জনেই পহুপুৰী গাঁৱৰ।

উল্লেখযোগ্য যে মঙ্গল বাৰে গাঁওখনত এজন, বুধবাৰে দুজন আৰু বৃহস্পতি বাৰে ১২ জনৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পাছত শুক্ৰবাৰে পুনৰ ৮ জনৰ দেহত পুনৰ কভিড পজিটিভ ধৰা পৰিছে।

গাঁওখনত হোৱা এনে সামূহিক সংক্ৰমণৰ বাবেই নগাঁও জিলা উপায়ুক্তই ১৪ দিনৰ বাবে গাঁওখন কনটেইন্টমেন্ট জ’ন ঘোষণা কৰিছে। এই সময়চোৱাত গাঁওখনৰ পৰা কোনো লোক বাহিৰলৈ ওলাব আৰু সোমাব নোৱাৰিব।

স্বাস্থ্য বিভাগে সংক্ৰমণ যাতে অধিক বৃদ্ধি হ’ব নোৱাৰে তাৰবাবে যাৱতীয় ব্যৱস্থা লৈছে আৰু সমগ্ৰ গাঁওখনত চেনিটাইজ কৰিছে।

কিন্তু লক্ষণীয়ভাৱে গাঁওখনত কৰোনাত গণ সংক্ৰমণ কেনেকৈ হ’ল সেয়া লৈ সকলোকে উদ্বিগ্ন কৰি তুলিছে।

বিহু অনুষ্ঠান বা অন্য সামাজিক অনুষ্ঠানৰ বাবেই অঞ্চলটোত কৰোনাই ভয়াৱহ ৰূপৱলোৱা বুলি স্বাস্থ্য বিভাগে সন্দেহ কৰিছে।