NORTHEAST NOW (Assamese)
অসম

২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত মৃত্যু ২৬গৰাকী লোকৰ,আক্ৰান্ত ৩১৯৭ গৰাকী লোক

Posted by: এন ই নাও নিউজ, মুৰলী বৰুৱা Updated by: এন ই নাও নিউজ, মুৰলী বৰুৱা April 30, 2021 8:52 pm
Covid19..-750x375

 ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংহাৰ। বিগত ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক ভািইৰাছবিধত আক্ৰান্ত হৈছে ৩১৯৭ গৰাকী লোক।ইপিনে এই সময়ছোৱাত মৃত্যু ঘটিছে ২৬ গৰাকী লোকৰ।২৪ ঘণ্টাত ৭২২৩৯ টা কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হয়।কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ১১৮৪ গৰাকী লোক।

এই সময়ছোৱাত ৰোগমুক্তিৰ হাৰ হৈছে ৯০ শতাংশ।

ইপিনে  নগাঁও জিলাত কভিড-১৯ য়ে অতি বেয়াৰ পৰা বেয়ালৈ গতি কৰা পৰিলক্ষিত হৈছে । কিন্তু ইয়াৰ মাজতে আন এটা খবৰে নগাঁও বাসীক উদ্বিগ্ন কৰি তোলা পৰিলক্ষিত হৈছে।

অভিযোগ অনুসৰি- নগাঁও জিলাত পৰ্যাপ্ত পৰিমাণৰ কিট নথকাৰ বাবে আজি কভিড-১৯ৰ পৰীক্ষা কৰিবলৈ সক্ষম নহ’ল জিলা খনৰ স্বাস্থ্য বিভাগ।

প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে কালিৰে পৰা কিটৰ অভাৱ হোৱাত স্বাস্থ্য কৰ্মী সকল বিপাঙত পৰিছে। যাৰ বাবে  নগন্য সংখ্যক ব্যক্তিৰ কভিড পৰীক্ষা কৰাত আজিৰ দিনটোত মাত্ৰ ৬৪ গৰাকী ব্যক্তিৰ দেহত কভিড-১৯ৰ অৱস্থিতি ধৰা পৰিছে। ইপিনে,

 চৰকাৰে কভিড-১৯ৰ নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰা নীতি নিৰ্দেশনা ৰূপায়ন কৰাৰ পাছতো নগাঁও জিলাত কভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত সম্প্ৰতি ১৩৫৪ গৰাকী কভিড ৰোগী হোৱাৰ পাছত নগাঁৱৰ সৰ্বসাধাৰণ ৰাইজ  উদ্বিগ্ন হৈ পৰিছে।

এক এপ্ৰিলৰ  আজি পৰ্যন্ত নগাঁও জিলাত স্বাস্থ্য বিভাগে চলোৱা কভিড পৰীক্ষাৰ  ১৩৫৪ গৰাকী লোকৰ দেহত কভিড-১৯ৰ অৱস্থিতি ধৰা পৰিছে।

মহামাৰী ক’ভিড-১৯ ৰ দ্বিতীয়টো লহৰে ৰাজ্য খনৰ অন্যান্য জিলাৰ লগতে নগাঁও জিলাতো ক্ৰমান্বয়ে অতি ভয়াবহ ৰূপ ধাৰণ কৰিছে। দৈনিক জিলাখনৰ বিভিন্ন প্ৰান্তত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত  স্বয়ং স্বাস্থ্য বিভাগ তথা নগাঁও জিলা প্ৰশাসনো  উদ্বিগ্ন হৈ পৰিছে।

আজিও জিলাখনত ৬৪ গৰাকী লোক এই ক’ভিড- ১৯ ত নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য জিলা খনৰ স্বাস্হ্য বিভাগে প্ৰকাশ কৰিছে ।

আজি জিলাখনৰ বিভিন্ন প্ৰান্তত স্বাস্হ্য বিভাগে ২৭৯৬ গৰাকী লোকৰ RAT টে’ষ্ট আৰু ২৪ গৰাকী আৰ টি পি চি আৰ টেষ্ট কৰা হয়। ইয়াৰ ভিতৰত ৬৪ গৰাকী লোক ক’ভিড-১৯ ত আক্ৰান্ত হোৱাতো নিশ্চিত কৰে ।

ইয়াৰে ৬৪ গৰাকী লোকেই RAT টে’ষ্টৰ জৰিয়তে কভিড-১৯ত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। আজি ৰ  আক্ৰান্ত সকলৰ ৬৪ জনকে নিজ নিজ গৃহতে আছুতীয়াভাৱে পৰ্যবেক্ষণত ৰখাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে।

ইতিমধ্যে জিলা খনৰ  নিজ গৃহত আছুতীয়াকৈ থকা ৫৮৭ গৰাকী আৰু ৫৪ গৰাকী কভিড-১৯ আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ব্যক্তি সম্প্ৰতি সুস্থ হৈ উঠাৰ বিপৰীতে জিলা খনৰ ৭৫০ গৰাকী ব্যক্তি কভিড-১৯ত সক্ৰিয় ভাৱে আক্ৰান্ত হৈ আছে।

ইপিনে, আজি নগাঁও চহৰৰ বেংগলীপট্টিৰ নিবাসী অঞ্জলি নন্দী (৭০) নামৰ এগৰাকী মহিলাৰ কভিড-১৯ ত মৃত্যু ঘটা বুলি নগাঁও জিলাৰ স্বাস্থ্য বিভাগে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

আজি পৰ্যন্ত জিলা খনত কভিডত আক্ৰান্ত হৈ মুঠ তিনিগৰাকী গৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে।