NORTHEAST NOW (Assamese)
Popular Stories

‘হত্যাকাৰী নিৰ্বাচন আয়োগ!’ : মাদ্ৰাজ হাই কোৰ্টৰ বিৰুদ্ধে ছুপ্ৰিম কোৰ্টৰ দাৰস্থ নিৰ্বাচন আয়োগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 2, 2021 2:25 pm
Supreme Court

কিছু দিন পূৰ্বে এক ঐতিসাহিক ৰায় প্ৰদান কৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰি চৰ্চাৰ শীৰ্ষত আছিল।

দেশত কৰোনাৰ দ্বিতীয় ঢৌৰ সময়ত দেশত কেবাখনো ৰাজ্যত কোনো পৰিকল্পনা নকৰাকৈ নিৰ্বাচন অনুষ্ঠিত কৰি ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ সমাৱেশক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱা বুলি সমালোচনাৰ সন্মুখীন হৈছিল দেশৰ নিৰ্বাচন আয়োগ।

সোমবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এই সম্পৰ্কীয় এক গোচৰৰ শুনানি গ্ৰহণ কৰি ভাৰতৰ নিৰ্বাচন আয়োগক হত্যাকাৰী বুলি আখ্যা দিছিল। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এই মন্তব্যৰ পিছতে দেশজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে নিৰ্বাচন আয়োগ।

আনকি মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ বন্দ্যোপধ্যায়ে নিৰ্বাচন আয়োগৰ শীৰ্ষ বিষয়ববীয়াৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিব লাগে বুলিও মন্তব্য কৰিছিল।

এই ভৎসৰ্না পোৱাৰ পিছতে নিৰ্বাচন আয়োগে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।

উচ্চতম ন্যায়ালয়ে এই অভিযোগৰ শুনানি গ্ৰহণ কৰি কি ৰায় প্ৰদান কৰে সেয়া লক্ষণীয় হ’ব।