NORTHEAST NOW (Assamese)
অসম

বোকাখাত সমষ্টিত বিপুল ভোটত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ জয়লাভ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 2, 2021 8:47 pm
atul

বিধান সভা নিৰ্বাচনত আজি ঘোষিত ফলাফলত ৯৩ নং বোকাখাত বিধান সভা সমষ্টিত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী প্ৰনৱ দলেইক মুঠ ৪৫,১৮১ টা ভোটত পৰাজিত কৰি দ্বিতীয় বাৰৰ বাবে অসম বিধান সভালৈ নিৰ্বাচিত হয় ৷

অতুল বৰাই মুঠ ৭২,৯৩০ টা ভোট পোৱাৰ বিপৰীতে প্ৰনৱ দলেই মুঠ ২৭,৭৪৯ টা ভোট লাভ কৰিবলৈ সক্ষম হয় ৷

বিপৰীতে বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে ৫৫৫০ ভোটেৰে তৃতীয় আৰু ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী জীৱন চন্দ্ৰ বৰাই মুঠ ৩৩৬০ টা ভোট লাভকৰি সমষ্টিতোত চতুৰ্থ স্থানহে লাভ কৰে ৷

উল্লেখ্য যে ২০১৬ চনত প্ৰথম বাৰৰ বাবে বোকাখাত সমষ্টিত প্ৰতিদ্বন্দিতা কৰি অতুল বৰাই মুঠ ৬২,৯৬২ হেজাৰ ভোট লাভ কৰিছিল ৷

উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনত বোকাখাত সমষ্টিৰ সৰ্বমুঠ ১,৪৭,৪৮৭ গৰাকী ভােটাৰৰ ১১৯৩৪২ গৰাকী ভােটাৰে নিজ  ভোটাধিকাৰ সাব্যস্ত কৰিছিল ।

ইয়াৰে ৫৮,৭০৩ গৰাকী মহিলা ভােটৰ হােৱাৰ বিপৰীতে পুৰুষ ভােটাৰ আছিল ৬০,৬৩৯ গৰাকী।  ভোটদান হাৰ আছিল ৮০. ৯২শতাংশ ৷