NORTHEAST NOW (Assamese)
Popular Stories

নিৰ্বাচনী কৌশল প্ৰস্তুতকাৰী প্ৰশান্ত কিশোৰ যাব নে থাকিব? ভীষণ উৎকণ্ঠাত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 3, 2021 5:40 pm
index.jpg

পশ্চিমবংগত তৃতীয়বাৰলৈ তৃণমূল কংগ্ৰেছ ক্ষমতালৈ অহাৰ পিছতে দেশৰ শীৰ্ষস্থানীয় নিৰ্বাচনী কৌশল প্ৰস্তুতকাৰী প্ৰশান্ত কিশোৰে এই পেচাগত জীৱনৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰিছে। স্মৰ্তব্য যে প্ৰশান্ত কিশোৰ আছিল তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী কৌশল প্ৰস্তুতকাৰী।

ইয়াৰ পিছতে পঞ্জাৱৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰিছে প্ৰশান্ত কিশোৰৰ এই অব্যাহতিৰ প্ৰসংগই।

উল্লেখ্য যে প্ৰশান্ত কিশোৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ ৰাজনৈতিক কৌশল প্ৰস্তুতকাৰী হিচাপে নিযুক্ত হৈ আছে।

যোৱা মাৰ্চতে পঞ্চাৱৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজৈনিতক কৌশল প্ৰস্তুতকাৰী হিচাপে নিযুক্তি লাভ কৰা প্ৰশান্ত কিশোৰক পঞ্জাৱত কেবিনেট মন্ত্ৰীত্বৰ পদমৰ্যাদা দি অহা হৈছে।

আজি প্ৰশান্ত কিশোৰে ৰাজনৈতিক তথা নিৰ্বাচনী কৌশল প্ৰস্তুতকাৰীৰ পেচাগত জীৱন ত্যাগ কৰা বুলি ঘোষণা কৰাৰ পিছতে পঞ্জাৱত বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে।

ইফালে পঞ্জাৱৰ কেবিনেট মন্ত্ৰীত্বৰ পদমৰ্যাদাপ্ৰাপ্ত প্ৰশান্ত কিশোৰে এতিয়াও তেওঁ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ ৰাজনৈতিক কৌশল প্ৰস্তুতকাৰীৰ দায়িত্ব থাকিব নে নাথাকে সেয়া স্পষ্ট কৰা নাই। যাৰ ফলত মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙসহ তেওঁ দলটো তীব্ৰ উৎকণ্ঠাত আছে বুলি বাতৰি প্ৰকাশ পাইছে।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে আশা কৰিছে যে প্ৰশান্ত কিশোৰে পেচাগত জীৱন ত্যাগ কৰাৰ বিষয়টো পুনৰ এবাৰ বিবেচনা কৰি চাব।

উল্লেখ্য যে পঞ্জাৱৰ মুখ্যমন্ত্ৰীগকাৰী নিজ দলৰে প্ৰায় ৭০ গৰাকীৰ বিধায়কৰ অনন্তুষ্টিৰ সন্মুখীন হৈ থকা বুলি বাতৰি প্ৰকাশ পাইছে।

এনে অৱস্থাত প্ৰশান্ত কিশোৰে সংগ ত্যাগ কৰিলে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং যে সংকটৰ সন্মুখীন হ’ব সেয়া প্ৰায় নিশ্চিত বুলি ধাৰণা কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।