NORTHEAST NOW (Assamese)
অসম

সুদীৰ্ঘ ২৭বছৰীয়া সম্পৰ্কৰ পাছত পত্নী মেলিণ্ডাৰ সৈতে বিচ্ছেদ বিল গেটছৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 4, 2021 8:04 am
Bill and Melinda

মাইক্ৰ’ছফট কৰ্পোৰেশ্যনৰ সহ প্ৰতিষ্ঠাপক বিল গেটছ আৰু পত্নী মেলিণ্ডা গেটছৰ সংসাৰ ভাগিল। সুদীৰ্ঘ ২৭ বছৰ কাল একেলগে থকাৰ পাছত বিচ্ছেদৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে বিশ্বৰ বহুচৰ্চিত এই দম্পতিয়ে।

সোমবাৰে নিশা দুয়োজনে নিজৰ নিজৰ টুইটাৰ পেজত দিয়া সুকীয়া প’ষ্টত এইকথা নিশ্চিত কৰে।

তেওঁলোকে টুইটাৰত কয় যে তেওঁলোকৰ সম্পৰ্কৰ সন্দৰ্ভত চিন্তাভাৱনা তথা নিৰীক্ষণৰ পাছত তেওঁলোকে নিজৰ সংসাৰ ইমানতে সামৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দম্পতি হিচাপে তেওঁলোকে থাকিব পাৰিব বুলি তেওঁলোকৰ মনে আৰু নাভাৱে।

বিবিচিৰ এক বাতৰিত ইতিমধ্যে এই কথা স্পষ্ট কৰি কোৱা হৈছে যে বিল গেটছ আৰু মেলিণ্ডা গেটছ দুয়োজনেই টুইটাৰত বিচ্ছেদৰ ঘোষণা কৰি কৈছে,’’দম্পতি হিচাপে একেলগে থাকিব পাৰি বুলি আমি আৰু বিশ্বাস কৰা নাই।‘’

১৯৮০চনৰ শেষৰ পিনে মেলিণ্ডাই মাইক্ৰ’ছফটত যোগদান কৰাৰ পাছত বিল গেটছৰ সৈতে চিনাকি হয়। তাৰপাছত ঘনিষ্ঠতা আৰু ১৯৯৪ চনত দুয়ো বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ তিনিটা সন্তানো আছে। বৰ্তমান বিল গেটছৰ বয়স ৬৫বছৰ আৰু মেলিণ্ডাৰ বয়স ৫৬বছৰ।

বিল আৰু মেলিণ্ডাই একেলগে ‘বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যন’ নামৰ দাতব্য সংস্থাটো গঢ়ি তুলিছে। এই ফাউণ্ডেশ্যনে বিশ্বৰ বিভিন্ন দেশত কাম কৰি আছে।