NORTHEAST NOW (Assamese)
অসম

দিল্লীত কৰ’নাৰ বলি আৰু এগৰাকী প্ৰতিভাৱান অসমীয়া ৰাজৰ্ষি কলিতা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2021 1:31 pm
Rajarshi Kalita

দিল্লীত ভয়ংকৰ কৰ’না সংক্ৰমণত আক্ৰান্ত হৈ আৰু এগৰাকী প্ৰতিভাৱান অসমীয়াই জীৱন হেৰুৱালে।

দিল্লী দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ শ্যামলাল মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ৰাজৰ্ষি কলিতাৰ কৰ’নাত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটিছে।

গাজিয়াবাদৰ আৱাসী কলিতাৰ কোভিড-১৯ত আক্ৰান্ত হৈ গ্ৰেটাৰ নয়দাৰ সাৰদা হাস্পতালত ভৰ্তি হৈ আছিল।

প্ৰাক্তন কটনিয়ান মেধাসম্পন্ন ৰাজৰ্ষি কলিতাৰ মৃত্যুৰ খবৰে বিভিন্ন মহলক শোকস্তব্ধ কৰি তুলিছে।

ৰাজৰ্ষি কলিতা, সাহিত্য অকাডেমী বটাঁ, ভাষা পৰিষদ বটাঁ আদিৰে সন্মানিত বিশিষ্ট লেখিকা তথা টংলা মহাবিদ্যায়ৰ ইংৰাজী বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপিকা অৰূপা পটংগীয়া কলিতা আৰু উক্ত কলেজৰে অৱসৰী অধ্যক্ষ ৰাজেন কলিতাৰ একমাত্ৰ পুত্ৰ।

মৃত্যুৰ সময়ত ৰাজৰ্ষিয়ে কণমানি পুত্ৰ সহ পত্নী আৰু পিতৃ-মাতৃক এৰি গৈছে।