NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ লক্ষীবস্তিত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা May 7, 2021 6:32 pm
hat12

কলিয়াবৰৰ মিছা আৰক্ষী চকীৰ অন্তৰ্গত কেলিডেনৰ লক্ষীবস্তিত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক  নিহত হৈছে।

হাতীৰ আক্ৰমণত নিহত লোকজনক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।

শুকুৰবাৰে বিয়লি কেলিডেন চাহ বাগিচাৰ লক্ষীবস্তিৰ কাষৰীয়া জংঘলত উদ্ধাৰ হয় অচিনাক্ত লোকজনৰ মৃতদেহ।

স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষী আৰু বন বিভাগক খবৰ দিয়ে।

শালনা বনাঞ্চলৰ বনকৰ্মী সকল ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে লোকজনক হাতীয়ে গচকি নিহত কৰাটো নিশ্চিত কৰিছে।