NORTHEAST NOW (Assamese)
অসম

স্থানীয় যুৱকৰ দ্বাৰা কলিয়াবৰত হৰিণা পোৱালি উদ্ধাৰ : বন বিভাগে এৰি দিলে শিলঘাটৰ বনাঞ্চলত

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা May 8, 2021 2:37 pm
Koliabor

কলিয়াবৰৰ নলতলিত এটা হৰিণা পোৱালি উদ্ধাৰ।

কলিয়াবৰ মহকুমাৰ উলুৱনী আৰক্ষী চকীৰ অন্তগত নলতলিৰ সমীপৰ হাজৰিকা পথাৰত আজি এটা হৰিণা পোৱালি উদ্বাৰ কৰা হৈছে।

উদ্ধাৰ হোৱা হৰিণা পোৱালিটোৰ বয়স প্ৰায় দুবছৰমান হ’ব বুলি অনুমান কৰা গৈছে। 

নলতলী হাজৰিকা পথাৰত চাৰিজন সচেতন যুৱকৰ তৎপৰতাত উদ্ধাৰ কৰা হয় এই মাইকী হৰিণা পোৱালিটো।

হৰিণা পোৱালিটো উদ্ধাৰৰ পাছতে কলিয়াবৰ বন বিভাগক খবৰ দিয়া হয় আৰু ইয়াৰ পিছতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়।

বন বিভাগৰ লোকে হৰিণা পোৱালিটো নি শিলঘাটৰ কামাখ্যা বনাঞ্চলত এৰি দিয়ে বুলি জানিবলৈ দিয়ে।