NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাই মহাসংহাৰৰ সৃষ্টি কৰা দিল্লীত পুনৰ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 9, 2021 3:57 pm
mm-750x375

ক’ৰ’নাই মহাসংহাৰৰ সৃষ্টি কৰা দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত পুনৰ এসপ্তাহলৈ বৃদ্ধি কৰা হ’ল লকডাউন।আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পুনৰ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধিৰ কথা ঘোষণা কৰি কয় যে এই বন্ধৰ সময়ত আনকি মেট্ৰ’ ৰে’লৰ সেৱাও বন্ধ থাকিব।

এসপ্তাহলৈ লকডাউন বৃদ্ধি কৰাৰ ফলত অহা ১৭ মে’ৰ পুৱা ৫ বজালৈ দিল্লীত লকডউন অব্যাহত থাকিব।কেজৰিৱালে কয় যে দিল্লীত বৰ্তমান ক’ৰ’নাৰ সংক্ৰমণ কিছু পৰিমাণে কমিছে যদিও এতিয়াও সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অহা নাই।

এপ্ৰিল মাহৰ মাজ ভাগত দিল্লীত সংক্ৰমণৰ হাৰ আছিল ৩৫ শতাংশ।এতিয়া সেই হাৰ ২৩ শতাংশ হৈছে।উল্লেখ্য বিগত চাৰি সপ্তাহ ধৰি দিল্লীত লকডাউন চলি আছে।

দেশৰ বিভিন্ন ৰাজ্যত  এতিয়াও শাম কটা নাই  ক’ৰ’নাতংকৰ ।উত্তৰ প্ৰদেশতো ১৭ মে’ৰ পুৱা ৭ বজালৈকে লকডাউন থাকিব।

ওড়িশায়ো ১৪ দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে।

সেইমৰ্মে ৫ মে’ৰ পৰা আৰম্ভ হোৱা লকডাউন  ১৯ মে’ পৰ্যন্ত ৰাজ্য খনত  বাহাল থাকিব।

দিল্লীত লকডাউনৰ সময়ত সকলো চৰকাৰকী তথা বেচৰকাৰী যান-বাহনৰ চলাচল,ৰাজহুৱা পৰিবহন আদি বন্ধ খাকিব।সকলো ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠান, কোচিং ইনষ্টিটিউট, বজাৰ-সমাৰ, চিনেমাহল আদি বন্ধ থাকিব।লকডাউনৰ সময়ত সকলো ধৰ্মীয় অনুষ্ঠান আদিও বন্ধ থাকিব।

ভেকচিনৰ কামত নিয়োজিত লোককে ধৰি স্বাস্থ্য সেৱা আৰু জৰুৰী সেৱা সমূহ খোলা থাকিব। খাদ্য বস্তুকে ধৰি আন সামগ্ৰীৰ ক্ষেত্ৰত ই-কমাৰ্চ চলি থাকিব।