NORTHEAST NOW (Assamese)
Popular Stories

পত্নী পুত্ৰক হত্যা কৰি আত্মহত্যা কৰিলে এজন কৰ্মসংস্থান হেৰুওৱা ব্যক্তিয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 10, 2021 3:37 pm
index.jpghh

কৰ্ম সংস্থাপন হেৰুৱা এগৰাকী ব্যক্তিয়ে নিজ পত্নী আৰু পুত্ৰক হত্যা কৰি আত্মহত্যা কৰাৰ এক মৰ্মান্তিক খবৰ আহিছে।

ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনে চহৰৰ লনিকান্দ আৰক্ষী থানাৰ অন্তৰ্গত কাডামৱাক বস্তি এলেকাত।

ঘটনাৰ বিৱৰণীৰ মতে হনুমন্ত সিন্ধে নামৰ ৩৮ বৰ্ষীয় লোকজনে কৰ্ম সংস্থাপন হেৰুৱাই মানসিকভাৱে ভাঙি পৰিছিল আৰু পত্নী(২৮) আৰু ১৪ মহীয়া পুত্ৰ সন্তানক হত্যা কৰি আত্মহত্যা কৰিছে।

লোকজনে যোৱা দেওবাৰে দিনৰ ১১ মান বজাত এই ঘটনা সংঘটিত কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

সিন্ধে আৰু তেওঁৰ পত্নীয়ে সন্ধিয়ালৈকে দুৱাৰ নোখোলাত পিতৃয়ে আত্মীয় লোকৰ সৈতে আৰক্ষীক খবৰ দিয়ে।

ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৱাৰ ভাঙি ৰুমৰ ভিতৰত সিন্ধেক চিলিং ফেনত ওলমি থকা দেখা পায়।

আনফালে ৰুমৰ মজিয়াত পত্নী আৰু পুত্ৰৰ ডিঙিত আঘাতপ্ৰাপ্ত হৈ পৰি থকা মৃতদেহ দুটা প্ৰত্যক্ষ কৰে।

“ঘটনাস্থলীত আত্মহত্যাৰ কোনো টোকা উদ্ধাৰ হোৱা নাই। কিন্তু পৰিয়ালৰ সদস্যৰ মন্তব্যৰ ভিত্তিত সিন্ধে নিৱনুৱা হৈ থাকি মানসিকভাৱে ভাঙি পৰা বুলি জানিব পাৰিছো।” আৰক্ষীয়ে কয়।