NORTHEAST NOW (Assamese)
Popular Stories

‘অনামিকা দুৱৰাৰ সৈতে শেষ আলাপ’ কৰি অকালতে মেলানি মাগিলে জনপ্ৰিয় কবি পল শেনচোৱাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 11, 2021 12:35 pm

‘অনামিকা দুৱৰাৰ স’তে শেষ আলাপ’ কৰি ‘মহাপ্ৰস্থানৰ ৰেলগাড়ী’ত উঠি গুছি গ’ল নৱ প্ৰজন্মৰ জনপ্ৰিয় কবি পল শেনচোৱা।

সোমবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় কবিগৰাকীৰ।

যকৃতৰ ৰোগত আক্ৰান্ত হৈ থকা কবিগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৩৭।

কবিতাৰ উপৰিও এসময়ত তেওঁ জনপ্ৰিয় মাহেকীয়া আলোচনী ‘মায়া’ৰো উপ-সম্পাদক আছিল।

এসময়ত কবিগৰাকীৰ কবিতা জুবিন গাৰ্গৰ কণ্ঠত প্ৰাণ পাই উঠিছিল।

‘মই দেউতাৰ দৰে হ’ব নোৱাৰিলো’, ‘অনামিকা দুৱৰাৰ স’তে মোৰ অন্তিম আলাপ’, ‘তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ’, ‘নষ্টালজিয়া’, ‘মহাপ্ৰস্থানৰ ৰেলগাড়ী’ আদিৰ দৰে তেওঁৰ জনপ্ৰিয় কবিতাসমূহ জুবিন গাৰ্গৰ কণ্ঠত অত্যন্ত জনপ্ৰিয় হৈছিল।

মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃ আৰু পত্নীক এৰি থৈ যায়।

উল্লেখযোগ্য যে তেওঁৰ পত্নী ডেইজী অনুৰঞ্জনাও এগৰাকী জনপ্ৰিয় কবি।

অনুৰাগীৰ চেনেহৰ কবিগৰাকীৰ অকাল বিয়োগত অসমীয়া কাব্যজগতত গভীৰ শোকৰ ছাঁ পৰিছে।