NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ কৰি কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 12, 2021 2:44 pm
Homen Borguhain

অসমৰ বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

বিশিষ্ট সাহিত্যিক তথা সাংবাদিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ কৰ্মৰাজিয়ে অসমীয়া জনজীৱন আৰু সংস্কৃতিৰ বিভিন্ন দিশ প্ৰতিফিলত কৰিছিল।

অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে শ্ৰী হোমেন বৰগোহাঞি স্মৰণীয় হৈ ৰ’ব বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুৱে মৰ্মাহত কৰা বুলিও প্ৰকাশ কৰিছে।

“অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে শ্ৰী হোমেন বৰগোহাঞি স্মৰণীয় হৈ ৰ’ব। তেওঁৰ কৰ্মৰাজিয়ে অসমীয়া জনজীৱন আৰু সংস্কৃতিৰ বিভিন্ন দিশ প্ৰতিফলিত কৰিছিল। তেওঁৰ দেহাৱসানে মৰ্মাহত কৰিছে। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকললৈ সমবেদনা জনাইছো। ঔম শান্তি।” অসমীয়া ভাষাতে লিখা টুইট এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৰাজ্যৰ বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

“বিশিষ্ট সাহিত্যিক, কথাশিল্পী, সাংবাদিক হোমেন বৰগোহাঞিদেৱৰ বিয়োগত অতিকৈ মৰ্মাহত হৈছোঁ। অসমৰ সাহিত্য, সাংবাদিকতা আৰু সমাজ জীৱনলৈ তেখেতে যি অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে, সেয়া সদায়েই স্মৰণীয় হৈ ৰ’ব। ৰাজ্যৰ বৌদ্ধিক জগত তথা জাতীয় জীৱনৰ বাবে এয়া নিঃসন্দেহে এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ্ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল আৰু অগণন গুণমুগ্ধলৈ মোৰ গভীৰ সমবেদনা জনাইছোঁ।” প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়।