NORTHEAST NOW (Assamese)
Popular Stories

বীভৎস দৃশ্য! বিহাৰ, উত্তৰপ্ৰদেশৰ পাছত এইবাৰ মধ্যপ্ৰদেশৰ নদীতো উটি আহিছে একাধিক মৃতদেহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 12, 2021 3:09 pm

উত্তৰপ্ৰদেশ আৰু বিহাৰত গংগাৰ পানীত এশৰো অধিক মৃতদেহ ভাঁহি অহাৰ দৃশ্যসমূহে দেশ জোকাৰি যোৱাৰ পাছতে একেধৰণৰ দৃশ্য প্ৰত্যক্ষ কৰা গ’ল মধ্যপ্ৰদেশতো।

ৰাজ্যখনৰ ৰুঞ্জ নদীত কমেও ৬টাকৈ মৃতদেহ ভাঁহি অহা প্ৰত্যক্ষ কৰা গৈছে।

নদীৰ পাৰত পচি যোৱা মৃতদেহসমূহ জমা হৈ পৰিছে।

স্থানীয় বাসিন্দাসকলৰ মতে এইসমূহ ক’ভিড আক্ৰান্ত ৰোগীৰ মৃতদেহ।

ঘটনাটোৰ কেইবাটাও ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

এটা ভিডিঅ’ত দেখা গৈছে যে নন্দাপুৰা গাঁৱৰ বাসিন্দাসকলে দেখুৱাইছে যে নদীখনত মৃতদেহ ভাঁহি আহিছে।

গাঁওখনৰ এজন বাসিন্দাই কয় যে গাঁখনৰ লোকসকলে সেই নদীখনতে স্নান কৰে আৰু পানীও খায়, সেইবাবে মৃতদেহ ভাঁহি অহাৰ পাছতে তেওঁলোকে গাঁও পঞ্চায়তক কথাটো জনাইছে কিন্তু একো পদক্ষেপ লোৱা নাই।

স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা কোৱা হৈছে যে মৃতদেহবিলাকৰ মাজত এজন ৯৫ বৰ্ষীয় কেঞ্চাৰত মৃত্যুবৰণ কৰা ৰোগীৰো মৃতদেহ পোৱা গৈছে।

তদুপৰি কোৱা হৈছে যে মৃতদেহসমূহ সঠিকভাৱে উদ্ধাৰ কৰি সৎকাৰ কৰা হ’ব।