NORTHEAST NOW (Assamese)
অসম

কোভিড পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ মন্ত্ৰীসকলক ভগাই দিয়া হ’ল বিভিন্ন জিলা, তথ্য জনাব লাগিব মুখ্যমন্ত্ৰীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 12, 2021 8:40 pm
cooo

ৰাজ্যৰ কোভিড পৰিস্থিতি ক্ৰমাৎ বেয়াৰ দিশলৈ ধাৱমান হৈছে। এনে সময়তে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন মন্ত্ৰীসভাৰ বিভিন্ন মন্ত্ৰীক প্ৰত্যেককে কেইবাখনো জিলাত কোভিড পৰিস্থিতি নিৰীক্ষণৰ দায়িত্ব দিয়া হৈছে।

সেই মৰ্মে কৃষি মন্ত্ৰী অতুল বৰাক যোৰহাট আৰু গোলাঘাট জিলা,সমবায় দপ্তৰৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মক কোকৰাঝাৰ, বাগছা আৰু চিৰাং জিলা,উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক নলবাৰী, কামৰূপ আৰু ওদালগুৰি জিলা,বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যক কাচাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক নগাঁও আৰু হোজাই জিলা,শিক্ষামন্ত্ৰী ৰণোজ পেগুক ধেমাজি আৰু লখিমপুৰ জিলা,নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহালক শোণিতপুৰ, দৰং আৰু বিশ্বনাথ জিলা,ৰাজহ মন্ত্ৰী যোগেন মহনক পশ্চিম কাৰ্বি আংলং,পূৱ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা,চাহ জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণক তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা,বিত্ত মন্তৰী অজন্তা নেওগক ধুবুৰী আৰু লখিমপুৰ জিলা,জল সম্পদ দপ্তৰৰ মন্ত্ৰী পিযুষ হাজৰিকাক মৰিগাঁও আৰু গোৱালপাৰা জিলা,শক্তি মন্ত্ৰী বিমল বৰাক শিৱসাগৰ আৰু চৰাইদেও জিলাৰ দায়িত্ব দিয়া হৈছে।

প্ৰতিগৰাকী মন্ত্ৰীয়ে নিজৰ ভাগত পৰা জিলাৰ কোভিড পৰিস্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক অৱগত কৰিব লাগিব আৰু তাৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব।