NORTHEAST NOW (Assamese)
অসম

দানবীৰ! কৰ’না ৰোগীৰ প্ৰাণ বচাবলৈ দান কৰিলে ১৪ বাৰকৈ প্লাজমা! প্ৰয়োজনত আৰু দান কৰিবলৈ সাজু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 13, 2021 4:52 pm
plasma-therapy

কোভিড আক্ৰান্ত হোৱাৰ পাছত সুস্থ হৈ উঠা বহুতেই কোভিড ৰোগীক প্লাজমা দান কৰিছে। কিন্তু সেইবুলি ১৪ বাৰকৈ প্লাজমা দান?

পুন্ৰ ৫০ বছৰীয়া এগৰাকী ব্যক্তিয়ে ১৪বাৰকৈ প্লাজমা দান কৰি অভিলেখ সৃষ্টি কৰিছে।

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ পৰা প্ৰদান কৰা প্ৰমাণ পত্ৰ দেখুৱাই অজয় মুনোটৰ দাবী,’’ মই দেশৰ প্ৰথমগৰাকী ব্যক্তি যিয়ে ১৪ বাৰকৈ প্লাজমা দান কৰিছো।‘’

প্ৰমাণ পত্ৰত লিখা আছে,’’এগৰাকী ব্যক্তি যিয়ে সৰ্বাধিক বাৰ প্লাজমা দান কৰিছে, ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ, ২০২২ৰ পৰা আপোনাক অভিনন্দন। আপোনাৰ প্ৰচেষ্টা আৰু ধৈৰ্যৰ আমি প্ৰশংসা কৰিছো। আপোনাৰ দক্ষতা স্বীকাৰ কৰি তাক অনুমোদন কৰা হ’ল।‘’

যোৱা বছৰ কোভিডত আক্ৰান্ত হোৱাৰ পাছত অজয় লাহে লাহে সুস্থ হৈ উঠিছিল। তাৰ পাছত কোভিড ৰোগীৰ বাবে প্লাজমা দান কৰা আৰম্ভ কৰে।

অজয়ে কয়,’’মই সুস্থ হৈ উঠাৰ ২৮দিন পাছত প্ৰথম এগৰাকী গুৰুতৰভাৱে অসুস্থ ৰোগীক প্লাজমা দান কৰিছো।‘’

সুস্থ হৈ উঠা ৰোগীৰ পৰিয়ালে অজয়ক কৃতজ্ঞ জনায়। তেওঁলোকে জানিবলৈ দিয়ে যে অজয় মুনোটে ততাতয়াকৈ আগবাঢ়ি নহাহেঁতেন তেওঁলোকৰ মাতৃক বচোৱাটো কঠিন হ’লহেঁতেন।

অৱশ্যে অজয়ে কয়,’’মই ১৪বাৰ বাবে প্লাজমা দান কৰিছো। মই কেতিয়াও দুৰ্বল বা অসুবিধা বোধ কৰা নাই। মানুহৰ এক ভ্ৰান্ত ধাৰণা আছে যে প্লাজমা দানৰ সময়ত তেজ উলিওৱা হয়। তেজতকৈ প্লাজমা পৃথক। প্লাজমাত এন্টিবডী থাকে। প্লাজমা দান ৰক্তদান নহয়। প্লাজমা দানৰ পাছত কোনেও দুৰ্বল বা অসুস্থতা অনুভৱ নকৰে। নমাহ পাছতো মোৰ শৰীৰত যথেষ্ট এন্টিবডী আছে। লাগিলে আৰু দান কৰিম।‘’