NORTHEAST NOW (Assamese)
Popular Stories

“ভেকচিন মজুত নাই, অথচ ফোনৰ ডায়েল টিউনত ভেকচিন ল’বলৈ কোৱা হৈছে” : কেন্দ্ৰক ভৎসৰ্ণা, কাৰ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 14, 2021 1:01 pm

পুনৰ কেন্দ্ৰীয় চৰকাৰ ভৎসৰ্ণা কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে।

বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে কেন্দ্ৰক তিৰস্কাৰ কৰি কয় যে ফোনৰ ডায়েলটিউনত কৰোণা প্ৰতিষেধক ল’বলৈ জাননি দিয়া হৈছে, অথচ বাস্তৱক্ষেত্ৰত প্ৰতিষেধকৰ বাবে জনসাধাৰণে হাবাথুৰি খাই আছে।

বিচাৰপতি বিপিল সাঙ্ঘি আৰু বিচাৰপতি ৰেখা পাল্লিৰে গঠিত এক বিচাৰপীঠে এই সম্পৰ্কত কৈছে যে যেতিয়াই ফোন কৰা হয়, বিৰক্তিকৰভাৱে জনসাধাৰণক কৰোণা ভেকচিন ল’বলৈ কোৱা হৈছে, অথচ ভেকচিন নাই।

”ভেকচিন দিয়া হোৱা নাই, কিন্তু জনসাধাৰণক কৈছে ভেকচিন ল’বলৈ। ভেকচিন নাথাকিলে কিদৰে ল’ব পাৰি?”- বিচাৰপীঠখনে কয়।

দিল্লী উচ্চ ন্যায়ালয়ৰ বক্তব্য যে সকলো লোককে ভেকচিন প্ৰদান কৰক কেন্দ্ৰই।

এইক্ষেত্ৰত ন্যায়ালয়ে কয় যে প্ৰয়োজনত ভেকচিনৰ বিনিময়ত টকা লওক, কিন্তু ভেকচিনৰ ব্যৱস্থা কৰক আৰু ফোনৰ একঘেয়ামী ডায়েলটিউন তথা মেচেজটো সলাওক।

”দহ বছৰ ধৰি একেই মেচেজ বজাই থাকিব নেকি?”- ন্যায়ালয়ে এইদৰে প্ৰশ্ন কৰে।

ন্যায়ালয়ে এইক্ষেত্ৰত জনসাধাৰণৰ সময় খৰচ নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে।