NORTHEAST NOW (Assamese)
অসম

আজিয়েই আন্তঃজিলা ভ্ৰমণ কৰি লওঁক; সোমবাৰৰ পৰা আন্তঃজিলা যাতায়ত বন্ধ হোৱাৰ পূৰ্ণ সম্ভাৱনা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 16, 2021 8:11 pm
web-passengers-get-on-a-bus-in-dhaka-rajib-dhar-01-06-2020-1591029859605

ৰাজ্যত ক্ৰমান্বয়ে কোভিড পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ দিশে আগবাঢ়িছে। সেয়েহে ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে কেতবোৰ ব্যৱস্থাপনা হাতত লোৱা পৰিলক্ষিত হৈছে।

ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ নিৰ্দেশ মৰ্মে দেওবাৰৰে পৰা চহৰ অঞ্চল আৰু তাৰ পৰা ৫ কিঃমিঃ নিলগলৈকে পুৱা ১১ বজালৈকেহে দোকান-পোহাৰ খোলা ৰখাৰ অনুমতি প্ৰদান কৰাৰ লগতে দুপৰীয়া ১২ বজাৰ পৰা পুৱা ৫ বজালৈকে কাৰ্ফিউ দিয়া হৈছে।

তাৰ পাছতে কাইলৈৰ পৰা অন্য কেতবোৰ সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰ ভিতৰত আন্তঃজিলা যাতায়ত বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনাৰ ইংগিত দিয়ে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

আজি সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় ‘কোভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰি আছো। প্ৰয়োজন হ’লে অতি সোনকালে কিছু দিনৰ কাৰণে আন্তঃজিলা যাতায়ত বা যোগাযোগ বন্ধ হ’ব। কাইলৈৰ ভিতৰত এই নীতি-নিয়মসমূহ ঘোষণা কৰা হ’ব।‘

উল্লেখযোগ্য যে, কালিৰ দিনটোত ৰাজ্যত মুঠ ৫৩৪৭ গৰাকী লোক কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৬৩ গৰাকী লোকে কোভিডত মৃত্যুক আকোৱালি লৈছিল। কামৰূপ মেট্ৰ’ত ১০১২ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছিল কালিৰ দিনটোত।

সেয়েহে সকলো জনসাধাৰণ সজাগ আৰু সচেতন হৈ মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দুৰত্ব মানি চলক, এয়া সময়ৰ আহ্বান।