NORTHEAST NOW (Assamese)
অসম

নামৰূপত নামৰূপ আছুৰ মহিলা বিশ্ববিদ্যালয় বন্ধৰ বিৰুদ্ধে জোঁৰ সমদল

Posted by: অকশ্বয় প্ৰণৱ কলিতা March 26, 2018 8:58 pm
জোঁৰ

নামৰূপত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰাৰ বিৰোধিতা কৰি জোঁৰ সমদল উলিয়াই।

নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰায় ১০০ সক্ৰিয় কৰ্মীয়ে উলিওৱা জোঁৰ সমদলটো সোণালি তিনিআলিৰ আছুৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি শৰ্মা তিনিআলিত শেষ কৰে।

প্ৰতবাদী জোঁৰ সমদলটোত আছুৰ জিলা শৈক্ষিক সম্পাদক অৱনি কুমাৰ গগৈয়ে কয় যে, ‘ৰাজ্যখনৰ যোৰহাটস্থিত একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খন বন্ধ কৰি ইয়াক কাৰিকৰী প্ৰতিষ্ঠানলৈ বদলি কৰিব বুলি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি বিশ্ববিদ্যালয়খনৰ ছাত্ৰীৰ শৈক্ষিক জীৱনৰ লগত হেতালি খেলিছে।

প্ৰতিবাদী জোঁৰ সমদলটোত প্ৰতিবাদকাৰী সকলে, ‘অসম মহিলা বিশ্ববিদ্যালয়ত স্থায়ী উপাচাৰ্য নিযুক্তি দিয়ক, অসম মহিলা বিশ্ব বিদ্যালয় সুৰক্ষিত কৰক, অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰী সকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰক’ আদি শ্ল’গানেৰে ৰাজপথ কঁপাই তোলে।

নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কল্পজিৎ গগৈ, আঞ্চলিকৰ সম্পাদক মানস জ্যোতি চাংমাকে ধৰি সংগঠনটোৰ অন্যান্য সদস্য সকলে অংশ গ্ৰহণ কৰা সমদলটোত তেওঁলোকে অসম মহিলা বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ নকৰিলে ভৱিষ্যতেও আন্দোলন কৰিব প্ৰকাশ কৰে।