NORTHEAST NOW (Assamese)
অসম

কোভিডত-১৯ত আক্ৰান্ত হৈ প্ৰাক্তন বিধায়ক, বিশিষ্ট ক্ৰীড়া সংগঠক ৰাণা গোস্বামীৰ পৰলোকপ্ৰাপ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 17, 2021 1:18 pm
RANA GOSWAMI

ছয়গাঁওৰ প্ৰাক্তন বিধায়ক, বিশিষ্ট ক্ৰীড়া সংগঠক ৰাণা গোস্বামীৰ কোভিড-১৯ত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৮০ বছৰ।

কিডনীৰ জটিল ৰোগত আক্ৰান্ত হৈ থকা গোস্বামীৰ দেওবাৰে কোভিড পজিটিভ  ধৰা পৰিছিল। মহানগৰীৰ উজান বজাৰস্থিত নিজা বাসগৃহতে আজু পুৱাই গোস্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰয়াত গোস্বামীয়ে পত্নী, একমাত্ৰ পুত্ৰ-বোৱাৰী, জী-জোঁৱাই আৰু নাতি-নাতিনীক এৰি থৈ যায়।

প্ৰয়াত গোস্বামীয়ে ২০০১ চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ছয়গাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল।

বিচিচিআইৰ প্ৰাক্তন উপ সভাপতি আৰু গুৱাহাটী ক্ৰীড়া সংস্থাৰ প্ৰাক্তন সভাপতি তথা সম্পাদক ৰাণা গোস্বামীৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো শোকপ্ৰকাশ কৰিছে।

গোস্বামীৰ মৃত্যুক অসমৰ সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি হিচাপে অভিহিত কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গভীৰ সমবেদনা জ্ঞাপন কৰিছে।