NORTHEAST NOW (Assamese)
Popular Stories

একেখন বিবাহতে বায়েকো কইনা, ভণীয়েকো কইনা! ৰঙাঘৰত সোমাল তেওঁলোকৰ দৰা, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 17, 2021 9:04 pm

এয়া কোনো চিনেমাৰ কাহিনী নহয়, বাস্তৱতে সংঘটি হৈছে!

কৰ্ণাটকৰ কোলাৰত এজন লোকে দুগৰাকী বাই-ভণীক একেটা বিবাহানুষ্ঠানত বিয়া কৰি গ্ৰেপ্তাৰৰ সন্মুখিন হৈছে।

দেওবাৰে সামাজিক মাধ্যমত পোহৰলৈ অহা ঘটনাটো সংঘটিত হৈছিল ৭ মে’ তাৰিখে কোলাৰৰ কুৰুডুমালে মন্দিৰত।

স্থানীয় সংবাদমাধ্যমত প্ৰকাশ পোৱামতে, উমাপতি নামৰ লোকজনে ললিতা নামৰ যুৱতীগৰাকীক বিবাহৰ প্ৰস্তাৱ দিছিল।

কিন্তু ললিতাই প্ৰস্তাৱটোত এটা চৰ্ত বান্ধি  দিয়ে।

চৰ্তটো হৈছে ললিতাৰ উপৰিও তাইৰ প্ৰতিবন্ধী ভগ্নী সুপ্ৰিয়াকো একে সময়তে উমাপতিয়ে বিয়া কৰাব লাগিব।

দৰা আৰু কইনা- দুয়োটা পৰিয়ালৰে মাজত আলোচনাৰ অন্তত ললিতাৰ প্ৰস্তাৱটো মানি লোৱা হয়।

সেই অনুসৰি, ৭ মে’ৰ দিনা সুপ্ৰিয়া আৰু ললিতাৰ স’তে উমাপতি বিয়াত বহে।

কিন্তু, ঘটনাটোৰ কথা জানিব পাৰি আৰক্ষীয়ে উমাপতিক আটক কৰে।

জানিব পৰা মতে, উমাপতিয়ে বিয়া কৰোৱা এগৰাকী কইনা নাবালিকা।

উল্লেখযোগ্য যে উমাপতিৰ দেউতাক নাগাৰাজাপ্পাইও ৰানিয়ামা আৰু ছুব্বাম্মা নামৰ এহাল ভগ্নীক একে সময়তে বিয়া কৰিছিল।