NORTHEAST NOW (Assamese)
অসম

ক’ভিড মহামাৰীত বিজেপিৰ নৱ-নিৰ্বাচিত বিধায়কসকলৰ ভূমিকাক সম্পর্কে আলোচনা ৰাজ্যিক সভাপতিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 18, 2021 7:05 am
WhatsApp Image 2021-05-17 at 7.51.14 PM

কেবিনেট মন্ত্ৰী তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে সোমবাৰে পোনপ্ৰথমবাৰৰ বাবে ভিডিঅ’ কনফাৰেন্স যোগে ভাৰতীয় জনতা পাৰ্টিৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷

এই ভিডিঅ’ কনফাৰেন্সত প্ৰথমতে বিধায়সকলক আদৰণি জনোৱাৰ লগতে ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা এই দুৰ্যোগৰ সময়ছোৱাত সেৱাই সংগঠন মন্ত্ৰৰ আধাৰত তেওঁলোলৰ ভূমিকা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় ৷

তদুপৰি, এই পৰিস্থিতিত বিধায়কসকলৰ নিজ নিজ কৰণীয় কামৰ দায়িত্ব অৰ্পণ কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে ৷

ক’ভিড পৰিস্থিতিত সেৱা আগবঢ়াবৰ বাবে বিজেপি দলে প্ৰস্তুত কৰি উলিওৱা আঠটা বিন্দু সন্দৰ্ভত বিধায়কসকলক অৱগত কৰাৰ লগতে যোৱাবাৰৰ দৰেই এইবাৰো ৰাইজক সহায়-সহযোগ কৰিবৰ বাবে প্ৰতিজন বিধায়কক আহ্বান জনায় ৷

ভিডিঅ’ কনফাৰেন্সত ৰাজ্যিক সভাপতিগৰাকীৰ সৈতে ৰাজ্যিক তত্বাৱধায়ক  বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মাৰ লগতে আন তিনিগৰাকী সাধাৰণ সম্পাদক তথা সাংসদ তপন গগৈ, ডাঃ ৰাজদ্বীপ ৰয় আৰু পল্লৱলোচন দাস উপস্থিত থাকে ৷