NORTHEAST NOW (Assamese)
অসম

কৰ’নাত আক্ৰান্ত হৈ অসম অসামৰিক বিষয়া ধীমান চৌধুৰীৰ মৃত্যু; হাউলীত শোকৰ ছাঁ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 20, 2021 4:50 pm
Dhiman Howly

অসম অসামৰিক সেৱাৰ বিষয়া (এচিএছ) ধীমান চৌধুৰীৰ কোভিড-১৯ আক্ৰান্ত হৈ কালি নিশা মৃত্যু হয়।

বৰপেটা জিলাৰ হাউলীৰ দলাগাঁও নিবাসী চৌধুৰী কোভিড-১৯ত আক্ৰান্ত হৈ বিগত কেইবাদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ আছিল ৷

১৯৯৭বৰ্ষৰ এচিএছ বিষয়া প্ৰয়াত ধীমান চৌধুৰী যুটীয়া সচিব পৰ্যায়ৰ বিষয়া আছিল আৰু বৰ্তমান তেওঁ সীমান্ত অঞ্চল উন্নয়ন বিভাগৰ সঞ্চালক হিচাবে কাৰ্য্যনিৰ্বাহ কৰি আছিল।

প্ৰয়াত ধীমান চৌধুৰী ছাত্ৰ অৱস্থাত হাউলীৰ বি এইচ কলেজৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক হিচাপেও নিৰ্বাচিত হৈছিল।

উল্লেখ্য যে প্ৰয়াত চৌধুৰীৰ পত্নী বিক্ৰী কৰ পৰিদৰ্শক ভনীতা দাসৰ দুবছৰমান আগতে এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল ৷

মৃত্যুৰ সময়ত তেওঁ দুটা কণমানি সন্তানক ইহসংসাৰত এৰি থৈ গৈছে ৷

চৌধুৰীৰৰ মৃত্যুৰ খৱৰে হাউলীত শোকৰ ছাঁ পেলোৱাৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে তেওঁৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।