NORTHEAST NOW (Assamese)
অসম

ধানৰ সলনি পতান! বাংলাপাৰা পথাৰত কৃষি বিষয়াৰ ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ; ক্ষতিপূৰণ দাবী ভূক্তভোগী কৃষকৰ

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী May 22, 2021 10:31 am
IMG20210518110603

বঙাইগাঁও জিলাৰ অভয়াপুৰী কৃষি চক্ৰৰ অন্তগৰ্ত বাংলাপাৰা, গণবিন্যা আৰু নাম্বাৰপাৰা তৃতীয় খণ্ডৰ পথাৰত বজাৰৰ পৰা ক্ৰয় কৰা Monsut Chem নামৰ কোম্পানীয়ে যোগান ধৰা ধানৰ বীজ বজাৰৰ পৰা ক্ৰয় কৰি খেতি কৰাৰ পিছত কেইবা শতাধিক বিঘা ইৰি ধান খেতিত ধানৰ সলনি পতান ওলোৱাত চকুপানী টুকিলগীয়া হৈছে কৃষক সকলে।

কৃষকৰ দুখ দুৰ্গতিৰ ওপৰত সংবাদ প্ৰকাশ হোৱাৰ পিছত শুকুৰবাৰে উত্তৰ শালমাৰা মহকুমা কৃষি বিষয়া, সহকাৰী কৃষি সম্প্ৰসাৰণ সহায়কে ধাননি পথাৰ পৰ্যবেক্ষণ কৰে।

কৃষিজীৱী ৰাইজক উক্ত সম্প্ৰসাৰণ বিষয়াজনে দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে বিভাগীয় উৰ্দ্ধতম কৰ্তৃপক্ষক অৱগত কৰোৱা বুলি জানিব দিয়ে।

আনহাতে, ক্ষতিগ্ৰস্ত খেতিয়ক সকলে চৰকাৰক এক কালীন সাহায্য দিয়াৰ বাবে আহ্বান জনায়।

উক্ত কৃষক সকলে মূৰৰ ঘাম মাটিত পেলাই জাকত জিলিকা কৈ ধান খেতি গঢ়ি তুলিছিল যদিও শেষত ধানৰ সলনি পতান ওলোৱাৰ বাবে কৃষক সকলে মূৰে কপালে হাত দিছে।

এপিনে কৰোণাৰ ত্ৰাস, আনপিনে কৃষি ক্ষেত্ৰত লোকচানৰ সন্মুখীন কৃষক সকলে   যাতে পৰৱৰ্তী বছৰ পুনৰ কৃষি কাৰ্য কৰিব পাৰে তাৰ বাবে চৰকাৰৰ ওচৰত সাহায্য বিচাৰিছে।