NORTHEAST NOW (Assamese)
অসম

ৰাজনৈতিক অস্থিৰতাৰ মাজতে সংসদ ভংগ কৰি দিলে ৰাষ্ট্ৰপতিয়ে; নেপালত পুনৰ নিৰ্বাচন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 22, 2021 12:42 pm
Nepal crisis

তীব্ৰ ৰাজনৈতিক অস্থিৰতা বিৰাজ কৰিছে নেপালত। নাটকীয় পট পৰিৱৰ্তন ঘটি শুকুৰবাৰে মাজনিশা সংসদ ভংগ কৰি দিলে দেশখনৰ ৰাষ্ট্ৰপতি বিদ্যাদেবী ভাণ্ডাৰীয়ে।

বাতৰি অনুসৰি, তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিৰ কেবিনেট ভংগ কৰাৰ প্ৰস্তাৱ দিয়া হয়। সেই মৰ্মে দেশখনত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় ৰাষ্ট্ৰপতিয়ে।

অহা নৱেম্বৰ মাহৰ ১২ৰ পৰা ১৮ তাৰিখৰ ভিতৰত দেশখনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব পাৰে।

উল্লেখ্য যে কেইদিনমান পূৰ্বে সদনত আস্থাভোটত পৰাজিত হৈছিল কে পি শৰ্মা অ’লি। কিন্তু বিৰোধীসকলে সেই সুযোগ কামত লগাব নোৱাৰিলে। ৰাষ্ট্ৰপতিয়ে দিয়া নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত শ্বেৰ বাহাদুৰ দেউৰাৰ নেতৃত্বত নেপালী কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা প্ৰমান কৰাত ব্যৰ্থ হয়।

সেয়ে পুনৰ অ’লিকেই তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী হিচাপে থকাৰ নিৰ্দেশ দিয়ে ৰাষ্ট্ৰপতি বিদ্যাদেবী ভাণ্ডাৰীয়ে।

জানিব পৰা মতে, বিৰোধী দলসমূহে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইমপিচমেন্ট প্ৰস্তাৱ অনাৰ যো জা চলাইছিল। সেয়ে, নিজৰ মুখ ৰক্ষাৰ বাবেই সংসদ ভংগ কৰি দিয়াৰো অভিযোগ উঠিছে বিদ্যাদেবী ভাণ্ডাৰীৰ বিৰুদ্ধে।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লি সংসদৰ আস্থাভোটত পৰাজিত হোৱাৰ পাছৰে পৰা দেশখনত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছিল।