NORTHEAST NOW (Assamese)
অসম

কোভিধ বিধি : দৈনিক শ শ লিটাৰ গাখীৰ পেলাই দিবলৈ বাধ্য হৈছে দুগ্ধ ব্যৱসায়ীয়ে

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক May 23, 2021 2:03 pm
Teok

কোভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে শেহতীয়াকৈ দিনৰ ১১ বজাত ব্যৱসায় প্ৰতিষ্ঠান বন্ধ আৰু ১২ বজাৰ পৰা কাৰ্ফিউৰ যি নতুন SOP জাৰি কৰিলে সেই নিৰ্দেশনাই ক্ষুদ্ৰ একাংশ দুগ্ধ ব্যৱসায়ীক বাৰুকৈ প্ৰভাৱ পেলাইছে।

যোৰহাট জিলাৰ টীয়কৰ গোস্বামী মিল্ক প্ৰডাক্ট নামৰ দুগ্ধ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে নিতৌ শ শ লিটাৰ গাখীৰ পেলাই দিবলগীয়া হৈছে।

কিয়নো গোস্বামী মিল্ক প্ৰডাক্টৰ লগত জড়িত প্ৰায় ৫৫০ টা পৰিয়ালে দৈনিক ৮০০ৰ পৰা ১০০০ লিটাৰ গাখীৰ উক্ত ক্ষুদ্ৰ উদ্যোগত যোগান ধৰে আৰু সেই গাখীৰে দৈ, ক্ৰীম, পেৰা, ঘিউ আদি প্ৰস্তুত কৰি উজনি অসমত এক সুন্দৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছিল।

ইপিনে সেই গাখীৰসমূহ খুটিৰ পৰা পুৱা ১১ মান বজাত পাইহিহে আৰু বৰ্তমান মিনি লক ডাউনৰ ফলত দুগ্ধজাত সামগ্ৰীৰ চাহিদা কমি গৈছে।

সেয়ে সামগ্ৰীসমূহ প্ৰস্তুত কৰিলেও বিক্ৰীৰ উপযুক্ত বজাৰৰ অভাৱত নষ্ট হৈ গৈছে।

দেশৰ ভয়ানক পৰিস্থিতিলৈ চাই চৰকাৰৰ এনে কঠোৰ পদক্ষেপক এইসকল দুগ্ধ ব্যৱসায়ীয়ে সমৰ্থন জনাইছে যদিও তাৰ মাজতে সম্ভৱ হ’লে এইসকল ব্যৱসায়ীক কিছু আৰ্থিক সহায় কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে।